সুৰা বুলি এচিড সেৱন কৰি কৰুণ মৃত্যু তিনিজনৰ

Acid Eating

ত্ৰিপুৰাৰ ধলাই জিলাত সংঘটিত হ’ল এক শিহৰণকাৰী ঘটনা! সুৰা বুলি এচিড সেৱন কৰি কৰুণ মৃত্যুক সাবতি ল’লে ৩জনকৈ লোকে। বুধবাৰে আৰক্ষীয়ে সদৰী কৰিছে এই কথা।

নিহত তিনিজন লোক ক্ৰমে, ২২ বছৰীয়া শচীনদ্ৰা ৰিয়াং, ৪০ বছৰীয়া অধিৰাম ৰিয়াং আৰু ৩৮ বছৰীয়া ভাবিৰাম ৰিয়াং বুলি জানিব পৰা গৈছে।

সোমবাৰে নিশা কাঞ্চনচাৰা অঞ্চলত হোৱা এক পাৰ্টিত ১০ জন লোকে অংশগ্ৰহণ কৰিছিল। তাৰ ভিতৰত এই তিনিওজন লোকে অত্যাধিক সুৰা পান কৰাৰ ফলত নিচাত মগ্ন হৈ এচিড আৰু সুৰাৰ মাজৰ পাৰ্থক্য বুজি নোপোৱাত ভুলতে পান কৰে এচিড।

Category
Profile picture for user UB Photos