ক'ভিড-১৯ত আক্ৰান্ত সৌৰভ গাংগুলী

Saurav Ganguly

বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী কোৰোণা ভাইৰাছত আক্ৰান্ত। ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীক বৰ্তমান উডলেণ্ড হাস্পতালত আইছ’লেচনত ৰখা হৈছে।

সোমবাৰে নিশা কোভিড–১৯ টেষ্ট ৰিপ’ৰ্ট পজিটিভ আহিছিল গাংগুলীৰ। তাৰ পাছত বছৰটোত দ্বিতীয়বাৰৰ বাবে গাংগুলীয়ে কোভিডৰ বাবে ভৰ্তি হ’বলগীয়া হ’ল হাস্পতালত।

সৌৰভ গাংগুলীয়ে কোৰোণাৰ দুয়োপালি ভেকচিন ইতিমধ্যে গ্ৰহণ কৰিছে যদিও ধাৰাবাহিকভাৱে যাত্ৰা কৰি আছিল যাৰ বাবে তেওঁ আক্ৰান্ত হ’বলগীয়া হয়।

গাংগুলীক এই বছৰৰ আৰম্ভণিতে দুবাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। হাৰ্টৰ সমস্যাৰ বাবে তেওঁৰ এঞ্জিয়’প্লাষ্টি কৰোৱা হৈছিল।

Category
Profile picture for user UB Photos