'মই গৌৰৱেৰে ঋণ ল'ম, এই বছৰ ১৪ হাজাৰ কোটি ঋণ লম'- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

Himanta Biswa Sarma

‘বিধানসভাই এইবছৰ মোক ১৬ হাজাৰ কোটি টকা ল’বলৈ অনুমতি দিছে ৷ মই ১৪ হাজাৰ কোটি টকা ঋন লম ৷ মই গৌৰৱেৰে সৈতে লম। অহা বছৰ আৰু বেছি লম ৷’- ঋণ লোৱাৰ ওপৰত সদনত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, সকলোৱে ঋণ লৈ আগুৱাই যাব আৰু অসম পিছুৱাই নাথাকে৷ অহা বছৰ ১৮ হাজাৰ কোটি টকা আৰু তাৰ পিছৰ বছৰত ২২ হাজাৰ কোটি টকা লম, অসমৰ GDP বৃদ্ধি পাইছে।' 

বিৰোধীক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, 'গৌৰৱসহকাৰে ঋন লম ৷ ৫০০০ হাজাৰ কোটি টকা লম ঋনেৰে ১৯০০খন দলং নিৰ্মাণ কৰিম। আই নদী আৰু ডিব্ৰুগড়ত মথাউৰি নিৰ্মাণ কৰিম। সদনৰ পাঁচজনীয়া দল এটা কেৰালা, পাঞ্জাব আদি ৰাজ্য ঘূৰি সেই ৰাজ্যৰ বিত্ত মন্ত্ৰীসকলৰ সৈতে মত বিনিময় কৰিলে বুজি পাব ঋন কিয় ল'ব লাগে ৷ ভাৰতৰ ভিতৰত পেট্ৰলৰ ওপৰত অসমত কৰ আটাইতকৈ কম ।মনোৰঞ্জন তালুকদাৰৰ নেতৃত্বত এটা বিধানসভাৰ দল যাওক কেৰেলালৈ ৷ এটা দল অখিল গগৈৰ নেতৃত্বত যাওক পশ্চিমবংগ লৈ ৷'

 

Category