Assam Legislative Assembly Winter Session

বুধবাৰে অসম বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণাত্মক ৰূপত দেখা গ’ল। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে অসমৰ সংবাদ মাধ্যমৰ প্ৰসংগত।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘অসমৰ মিডিয়াই মোক বহু অত্যাচাৰ কৰিলে৷ মোক হত্যাকাৰীও সজালে৷ বেলেগ মানুহ হোৱা হ’লে ছুইছাইডেই কৰিলে হয়। মই সাহসেৰে আছো৷ অসমৰ মিডিয়াই কোভিডৰ সময়ত বিজ্ঞাপন পোৱা নাই৷ সেয়েহে মই পীয়ুষক কৈছে মিডিয়াক বিজ্ঞাপন দিবলৈ৷ বেলেগকৈতো আমি সহায় কৰিব নোৱাৰো৷ মিডিয়াক সহায় কৰাৰ বাবে আপোনালোকে বেয়া পাব নালাগে৷’

তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক বহুকেইটা বিষয়ত উচিত প্ৰত্যুত্তৰ দিয়ে।