Assam Government takes loan

আকৌ এবাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে! বিত্তীয় পৰিস্থিতৰ জোৰা মাৰিবলৈ অহা ৭ নৱেম্বৰত ৰাজ্য চৰকাৰে পুনৰ ল'ব ১০০০ কোটি টকাৰ ঋণ। মুকলি বজাৰৰ পৰা ল'বলগীয়া এই ঋণৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। 

উল্লেখ্য যে, যোৱা কেইটামান বৰ্ষত উন্নয়নৰ ঢাক-ঢোল বজাই ৰাজহ সংগ্ৰহৰ অৰ্থে বৃদ্ধি কৰি গৈছে বিভিন্ন সামগ্ৰীৰ মূল্য। তাৰপাছতো ১০০০ কোটি টকাৰ ঋণ লোৱাৰ আৱশ্যক হৈ পৰিছে চৰকাৰৰ বাবে।