সাৱধান! ১১ দিনৰ বাবে আপুনি হাঁহিবও নোৱাৰিব, কান্দিবও নোৱাৰিব, সুৰাপান কৰিলেটো চিধাই হ'ব মৃত্যু!

Kin

সচৰাচৰ উত্তৰ কোৰিয়া আজৱ নিয়ম–কানুন আৰু সিদ্ধান্তৰ বাবে বিশ্বত জনাজাত। 

উত্তৰ কোৰিয়া চৰকাৰে প্ৰাক্তন নেতা কিম জংৰ দ্বিতীয় মৃত্যুৰ দশম বাৰ্ষিকী উপলক্ষে শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা পৰৱৰ্তী ১১ দিনৰ বাবে ইয়াৰ নাগৰিক সকলক হাঁহি, সুৰাপান আৰু গ্ৰোচাৰী বজাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। 

আচলতে উত্তৰ কোৰিয়াই নিজৰ পূৰ্বৰ নেতা কিম জং ইলৰ দশম মৃত্যু বাৰ্ষিকী পালন কৰিছে। সেয়েহে আগন্তুক ১১ দিনৰ বাবে উত্তৰ কোৰিয়াৰ নাগৰিকে শোক পালন কৰিব লাগিব। সেইবাবে ইয়াৰ লোকসকলে এইকেইটা দিনত হাঁহি-আনন্দ এইবোৰৰ পৰা বিৰত থাকিব লাগিব। যদি কোনো লোকক সুৰাপান কৰা অৱস্থাত পোৱা যায়, তেন্তে তেওঁৰ চিধাই মৃত্যুদণ্ড হ’ব।

বাতৰি অনুসৰি, চৰকাৰী কৰ্তৃপক্ষই জনসাধাৰণক সুখৰ কোনো লক্ষণ প্ৰদৰ্শন নকৰিবলৈ নিৰ্দেশ দিছে। 

খবৰ অনুসৰি, কিম জং ইলে উত্তৰ কোৰিয়াত ১৯৯৪ৰ পৰা ২০১১ চনলৈ শাসন কৰিছিল। কোৰিয়াৰ এইগৰাকী শাসকৰ মৃত্যু ১৭ ডিচেম্বৰ ২০১১ত ৬৯ বছৰ বয়সত হাৰ্ট এটেকৰ ফলত হৈছিল। ইলৰ পিছত তেওঁৰ তৃতীয় আৰু কনিষ্ঠ পুত্ৰ কিম জং উনে দেশৰ শাসনৰ বাঘজৰী হাতত লয়। এতিয়া ইলৰ মৃত্যুৰ দশম বাৰ্ষিকী সম্পূৰ্ণ হোৱা উপলক্ষে উত্তৰ কোৰিয়াৰ লোকক ১১ দিনৰ শোক পালনৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য় যে, যদি এই ১১ দিনত কোনো পৰিয়ালৰ লোকৰ মৃত্যু হয়, তেতিয়াও তেওঁলোকৰ বাবে ডাঙৰকৈ কন্দাৰ অনুমতি নাই। তেওঁলোকে মৃতদেহটো এই শোক শেষ হোৱাৰ পিছতহে বাহিৰলৈ উলিয়াব পাৰিব।

আনহাতে, আৰক্ষী বিষয়াসকলক জনসাধাৰণৰ ওপৰত নজৰ ৰখাৰ বাবেও নিৰ্দেশ দিয়া হৈছে।

Category
Profile picture for user UB Photos