আজি মহাসপ্তমী! ৰাজ্যজুৰি উদযাপন শাৰদীয় দুৰ্গাপূজা

Durga Puja

ৰাজ্যজুৰি উদযাপিত হৈছে শাৰদীয় দুৰ্গাপূজা। আজি সপ্তমী। ৰাজ্যৰ অন্যান্য অঞ্চলৰ লগতে নাৰায়ণপুৰতো বিভিন্ন স্থানত উলহ মালহেৰে দুৰ্গা পুঁজা উদযাপিত হৈছে৷


ৰাজ্য চৰকাৰে বান্ধি দিয়া ক'ভিড প্ৰটকলৰ বাবে পূৰ্ৱৰ তুলনাত পূঁজা আয়োজন কৰাৰ ক্ষেত্ৰত সৃষ্টি হোৱা জটিলতাৰ বাবে দুৰ্গা পুঁজাৰ পূৰ্ৱৰ মাদকতা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে ৷ নাৰায়ণপুৰৰ ধলপুৰস্থিত শ্ৰীশ্ৰী পেটুৱা গোসাঁঞী থানটো উদযাপিত হৈছে দুৰ্গাপূজা৷


আজি সপ্তমী তিথিত শক্তিপীঠ খনত পুৱাৰে পৰা ভক্তৰ আগমন পৰিলক্ষিত হৈছে ৷ প্ৰতি বছৰে শক্তিপীঠ খনত উলহ মালহেৰে অনুষ্ঠিত হৈ আহিছে দুৰ্গা পুজা ৷ সবিশেষ দেখুৱাব নাৰায়ণপুৰৰ সংবাদ দাতা দিপান্ত কাকতিয়ে।

Category
Profile picture for user UB Photos