Celebration

আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ। শিশুৱেই হ’ল মানৱ জীৱনৰ আটাইতকৈ সংবেদনশীল অংশ। যি চিৰ সুন্দৰ। শিশুৰ মন অভিজ্ঞতাৰ আঘাতে নোকোবোৱা এধানি কলিৰ দৰে। আজি শিশু দিৱস। শিশুসকলৰ বাবে এক উল্লেখযোগ্য দিন। এই দিনটো শিশুসকলৰ বাবে উৎসৰ্গিত। শিশুৰ প্ৰতি স্নেহৰ বাবে বিখ্যাত সেইজনা মহান মনিষী, আমাৰ সকলোৰে পৰিচিত স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্ম দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। শিশুসকলক তেওঁলোকৰ অধিকাৰ, যত্ন আৰু শিক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি আৰু সৱলীকৰণ কৰাৰ উদ্দেশ্যে উদযাপন কৰা হয় এই দিনটো।