ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা কিশোৰ তিনিজনৰ মৃতদেহ উদ্ধাৰ!

Bodies of three missing teenagers found while going for bath in Brahmaputra!

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা তিনিওজন কিশোৰৰ মৃতদেহ উদ্ধাৰ।

গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰ নদীৰ কছাৰী ঘাটত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল কিশোৰ কেইগৰাকী।

কিশোৰ তিনিগৰাকীৰ ভিতৰত নবী হুছেইনৰ মৃতদেহ আজি দুপৰীয়াৰ ভাগত NDRF আৰু SDRF বাহিনীয়ে উদ্ধাৰ কৰে ।

বিয়লি প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত উদ্ধাৰ অভিযান স্থগিত কৰাৰ সময়তে নৈৰ ঢৌৰ ফলত মুক্তাৰ হুছেইন, আৰু শ্বাহানুৰ ইছলামৰ মৃতদেহ দুটা ভাঁহি উঠে।

পিছত উদ্ধাৰকাৰী বাহিনী আৰু স্থানীয় ৰাইজে মৃতদেহ দুটা উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে, কিশোৰ তিনি গৰাকীৰ সন্ধানত নদী আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ ডুবাৰুৱে কালিৰ পৰাই উদ্ধাৰ অভিযান চলাই আছিল।

কিশোৰ কেইগৰাকীৰ সলিল সমাধিৰ ঘটনাই সমগ্র গোৱালপাৰা চহৰত এতিয়া শোকৰ ছা পৰিছে ।

Category
Profile picture for user UB Photos