
৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয় মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰি দুৰ্নীতি কৰা ইমৰাণ শ্বাহ চৌধুৰীক। মঙলবাৰে চিজেএম আদালতে দিয়ে এই নিৰ্দেশ।
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ চহী জালিয়াতিৰে ৱৰ্ক অৰ্ডাৰ উলিয়াইছিল ধৃত ইমৰাণ শ্বাহ চৌধুৰীয়ে ৷ ১৪ দিনৰ বাবে ইমৰাণ শ্বাহ চৌধুৰীক নিজৰ জিম্মাত বিচাৰিছিল দিছপুৰ আৰক্ষীয়ে।
ইতিমধ্যেই চহী জালিয়াতিৰে জড়িত দিলীপ দাস আৰু ৰাজীৱ কলিতাকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে, ঘটনাৰ সৈতে জড়িত অন্য দুজন অভিযুক্ত অনুপম চৌধুৰী আৰু প্ৰকাশ বসুমতাৰী এতিয়াও পলাতক অৱস্থাত আছে। মুখ্যমন্ত্ৰীৰ ভুৱা চহীৰে জল জীৱন আঁচনিৰ ৩ কোটিৰ ৱৰ্ক অৰ্ডাৰ উলিওৱাৰ অভিযোগ আটাইকেইজনৰ বিৰুদ্ধে।
- Log in to post comments