অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ তম জন্মদিন। ২০ দিনীয়া কায্যসূচিৰে পালন কৰা হ'ব এই জন্মদিন।
প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিনত সেৱা আৰু সমৰ্পন অভিযান কৰা হ'ব বুলি পৰিকল্পনা কৰা হৈছে।
৭১ টা অসমৰ ঐতিহাসিক পুখুৰী বা জলাশয় পৰিস্কাৰ কৰা হ'ব।
৩৯ খন জিলাৰ ঐতিহাসিক পুখুৰী, জলাশয় আৰু নদী পৰিস্কাৰ কৰা হ'ব।
ৰাজপথৰ যতে ততে পেলাই থোৱা বিশ্বকৰ্মা পূজাৰ প্ৰতিমা বা মূৰ্তি সমূহ পৰিস্কাৰ কৰা হ'ব।
১৭ তাৰিখে ১৫ হাজাৰ বুথত ১৫ হাজাৰ নামঘৰ বা মন্দিৰত নৈবদ্য বা শৰাই দিয়া হ'ব।
উক্ত দিনা বিজেপিৰ সকলো কর্মীৰ ঘৰত বন্তি প্ৰজলন কৰা হ'ব।
অসম প্ৰদেশ বিজেপিযে ১০ লাখ পোষ্ট কাৰ্ডত জন্মদিনৰ শুভেচ্ছা লিখি মোদীলৈ পঠিয়াব।
প্ৰত্যেক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হব, যত ৫ হাজাৰ যুৱকে ৰক্তদান কৰিব।
দিবাংগ সকলক সাহায্য সামগ্ৰী বিতৰণ কৰা হ'ব।
মহিলা সকলক গাঁৱে গাঁৱে গৈ আইৰণ টেবলেট প্ৰদান কৰিব।
অনাথ আশ্ৰমত ফলমূল আদি বিতৰণ কৰা হ'ব।
- Log in to post comments