সমগ্ৰ অসমতে চলি আছে বন ধংস কাৰ্য্য। তেনে সময়তে ধুবুৰীৰ সংলগ্ন বিটিআৰৰ পৰ্ব্বতঝোৰাত চোৰাং কাৰবাৰীৰ বিৰুদ্ধে বন বিভাগৰ ধাৰাবাহিক অভিযান।
পৰ্ব্বতঝোৰা বন সংমণ্ডলৰ নৱ-নিযুক্ত DFO জয়ন্ত কুমাৰ ব্ৰহ্মৰ নিৰ্দেশত চলিছে এই অভিযান।
সোমবাৰে নিশা খোৰাঘাট বন কাৰ্য্যালয়ৰ বন কৰ্মী আৰু টিপকাই বীট কাৰ্য্যালয়ৰ বৃহৎ বন কৰ্মীৰ দ’ল এটায়ে যৌথভাৱে অভিযান চলায়। অভিযানত টিপকাই অঞ্চলৰ পৰা জব্দ এখন চোৰাং কাঠ ভৰ্তি ট্ৰেক্টৰ৷
ঘটনা স্থালীত বন কৰ্মী দলৰ উপস্থিতিৰ উমান পাই এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰাংকাৰবাৰীৰ দলটোৱে পালায়ন কৰে।
- Log in to post comments