বছৰৰ প্ৰথমটো দিনতে উত্তৰ গুৱাহাটীত মৰ্মান্তিক দুৰ্ঘটনা

guwahati news

ইংৰাজী নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে আহিছে কেইবাটাও বেয়া খবৰ।

বছৰৰ প্ৰথমটো দিনতে উত্তৰ গুৱাহাটীত সংঘটিত হৈছে মৰ্মান্তিক দুৰ্ঘটনা ।

নৱবৰ্ষৰ নিশা উত্তৰ গুৱাহাটী মধ্যমখণ্ডত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাত নিহত দুজনকৈ লোক

ইফালে,গুৰুতৰভাৱে আহত এজন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে ।

 নিহত যুৱকদুজন ক্ৰমে ওদালগুৰিৰ হিমাংশু নাথ আৰু কামৰূপ জিলাৰ জয়গুৰুৰ সুৰজ প্ৰধান বুলি জানিব পৰা গৈছে ।

নিশা মৃণালিনী দেৱী শিশু নিকেতনৰ সন্মুখত সংঘটিত হৈছিল দুৰ্ঘটনাটো ।

উল্লেখ্য যে ,তীব্ৰবেগী AS01 AJ 9595 নম্বৰৰ হোণ্ডাচিটি বাহনখনে AS 01D R 6513 আৰু AS25T 6165 নম্বৰৰ স্কুটি আৰু মটৰ চাইকেলক খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ।

Category