পুৰণি বিদায় জনাই নতুনক আদৰিবলৈ সাজু বিশ্ববাসী।সমান্তৰালকৈ নতুন বছৰৰ উদযাপনৰ বাবে এতিয়া ঢাপলি মেলিছে সকলো।সাজু হৈছে যোৰহাটবাসী।পুৱাৰে পৰা প্ৰচণ্ড শীতে আবৰি ৰাখিছে যোৰহাট চহৰক। শীতৰ মাজতো বছৰৰ শেষৰটো দিন উদযাপনৰ বাবে বজাৰলৈ ওলাই আহিছে শিৱসাগৰ ৰাইজ।
শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ বজাৰতো অগণন লোকৰ ভিৰ ।সকলোৱে মিলাপ্ৰীতিৰে এসাঁজ খোৱাৰ মানসেৰে বজাৰৰ পৰা শাক পাচলিৰ লগতে মাছ মাংস ক্ৰয় কৰিবলৈ ভিৰ কৰিছে গ্ৰাহক সকলে। লাই, পালেং, মূলা, গাজৰ, ওলকবি, ফুলকবি, ব্ৰকলিকে ধৰি বিভিন্ন শাক-পাচলিৰে ভৰি পৰিছে শিমলুগুৰিৰ বজাৰ। প্ৰচণ্ড শীতৰ বাবে বজাৰখন পলমকৈ আৰম্ভ হৈছে যদিও লাহে লাহে বিক্ৰেতাৰ লগতে গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে।
মৎস্য বজাৰত সৰু বৰ অসংখ্য মাছৰ উজান। মাংস বেপাৰী সকলৰো পুৱাৰে পৰা ব্যস্ততাৰ অন্ত নাই। কোনোবাই ঘৰতে এসাঁজ খাবলৈ বজাৰ কৰিছে, কোনোবাই আকৌ বনভোজৰ বাবে হাঁহে-মাহে কিনিবলৈ আহিছে। এয়াই ৩১ ডিচেম্বৰৰ মাদকতা। বছৰটোৰ শেষৰ দিনটো উলাহেৰে উদযাপন কৰি এটা নতুন বছৰক আদৰিবলৈ ব্যাপক প্ৰস্তুতি।
- Log in to post comments