শিৱসাগৰৰ নগা গাঁৱত পবিত্ৰ বৰদিন উদযাপন

 Christmas

আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন। সেই উপলক্ষে বিশ্বজুৰি দেখা গৈছে ব্যাপক উছাহ -উদ্দীপনা। আটক ধুনীয়াকৈ সজাই তোলা হৈছে প্ৰতিটো গীৰ্জাঘৰসমূহ। 

বিশ্বৰ সকলো প্ৰান্তৰ সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ হাঁহচৰা নগা গাঁৱত উখল মাখল পৰিৱেশ। অসমৰ ভিতৰতে এই গাওঁখন ব্যতিক্ৰম,কিয়নো ইয়াত বছৰ বছৰ ধৰি বেছিভাগ নগা সম্প্ৰদায়ৰ লোক বসবাস কৰি আহিছে। অসমী‌য়া সমাজ জীৱনৰ সৈতে একাকাৰ হৈ পৰা এইসকল লোকে প্ৰতিবছৰে বৰদিন সুন্দৰকৈ উদযাপন কৰি আহিছে। অসমীয়া সংস্কৃতিক তেওঁলোকে আঁকোৱালি লোৱাৰ সমান্তৰালকৈ নিজৰ ধৰ্মীয় উৎসৱ সমূহো উদযাপন কৰি আহিছে। বৰদিনৰ দিনটোত কন‌্যাক সকলৰ লগতে, অঞ্চলৰ সকলো লোক একত্ৰিত হৈ প্ৰতিবছৰে বৰদিন উদযাপন কৰি আহিছে।

জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিত হৈ হাঁহচৰা নগা গাঁও চিংআঙ ব্যপ্তিষ্ট মণ্ডলীত যীশুক স্মৰণ কৰি আজিৰ দিনটো বিশেষভাৱে উদযাপন কৰে।  ইয়াৰোপৰি যীশু খ্ৰীষ্টক স্মৰণ কৰি প্ৰাৰ্থনা কৰাৰ লগতে কেৰল গাই শেষত সকলোৱে একেলগে কেক কাটি বিশ্বত শান্তিৰ কামান কৰে।

Category