নিৰীহৰ ওপৰত চূড়ান্ত বৰ্বৰতা প্ৰদৰ্শন জালুকবাৰী যানবাহন আৰক্ষীৰ।
যানবাহন আইন ভংগ কৰা এজন যুৱকক লঘু দোষত গুৰু শাস্তি প্ৰদান আৰক্ষীৰ।
ঘটনা বুধবাৰৰ বিয়লি ভাগৰ জালুকবাৰীৰ।
জালুকবাৰী উৰণ সেতুৰ তলেৰে ৰং চাইদেৰে গৈ আছিল মুকিবুল ইছলাম নামৰ এজন যুৱক। সেই সময়তেই সেতুৰ তলতেই ৰাজ্যপালৰ ৰদ লাইনিঙৰ বাবে কৰ্তব্যত আছিল যানবাহন আৰক্ষীৰ দল।
অভিযোগ অনুসৰি ভুল দিশেৰে অহা বাবে প্ৰথমে যানবাহন আৰক্ষীৰে কিছু বাক-বিতণ্ডা হয় যুৱকজনৰ। পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱকজনৰ ভিডিঅ’ কৰাত যুৱকজনে নিজৰ মোবাইলেৰে ফেচবুক লাইভ দিয়ে।
এই কথাতেই খৰ্গহস্ত হৈ কৰ্তব্যৰত যানবাহন আৰক্ষীৰ কেইবাজনো জোৱানে প্ৰথমে নিৰ্মমভাৱে প্ৰহাৰ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যুৱকজনে। প্ৰহাৰৰ পাছতেই যুৱকজনক লৈ যোৱা হয় যানবাহন আৰক্ষী চকীলৈ।
নিশাৰ ভাগত যুৱকজনক জালুকবাৰী আৰক্ষী চকীত গতাই দিয়াৰ লগতে যানবাহন আৰক্ষীৰ তৰফৰ পৰা এখন এজাহাৰ দিয়া হয়।
সেই এজাহাৰৰ ভিত্তিতেই যুৱকজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰ।
যানবাহন আইন ভংগ কৰা যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সলনি প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
যানবাহন আইন ভংগ কৰা এজন যুৱকক যানবাহন আৰক্ষীয়ে আইন হাতত তুলি প্ৰহাৰ কৰা কাৰ্যৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব সেয়াহে লক্ষণীয় হ’ব।
- Log in to post comments