কুলাংগাৰ পুত্ৰৰ আক্ৰমণৰ বলি মাতৃ । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা ।
ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।
এইবাৰ পাষাণ পুত্ৰই আক্ৰমণ কৰিলে মাতৃক। । এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল ডবকা।। নিজ জন্মদাত্ৰী মাতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিল এজন পুত্ৰৰ
ডবকা চিকিৎসালয়ৰ ফাৰ্মাচিষ্টৰ ভয়ংকৰ কাণ্ড।মাতৃক কাঠৰ বাটামেৰে আক্ৰমণ পুত্ৰৰ
ঘটনা সন্দৰ্ভত বৃদ্ধ পিতৃৰ এজাহাৰ দাখিল ।সম্প্ৰতি পলাতক হৈ আছে আক্ৰমণকাৰী কুলাংগাৰ পুত্ৰ
ডবকা সামূহিক চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট জুবেইৰ আহমেদে মাতৃক বাটামেৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
পুত্ৰৰ আক্ৰমণত ৰক্তাক্ত হৈ পৰা ৫৩ বছৰীয়া মাতৃ এমামা বেগমক সংকটজনক অৱস্থাত প্রথমে নীলবাগান মডেল হাস্পতালত ভর্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে হোজাইৰ হাম হাস্পতালত ভর্তি কৰোৱা হয়।
পাৰিবাৰিক কাজিয়াৰ ফলতেই পাষণ্ড জুবেইৰে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে।
পূর্বেও পিতৃ-মাতৃক মাৰপিট কৰাৰ অভিযোগ আছে উদণ্ড পুত্ৰ জুবেইৰৰ বিৰুদ্ধে।
ঘটনা সংক্ৰান্তত বৃদ্ধ পিতৃ আব্দুল মালিকে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে যদিও অভিযুক্ত জুবেইৰক আটক কৰিব পৰা নাই।
ঘটনা সংঘটিত কৰিয়েই পাষণ্ড পুত্র জুবেইৰে এমাহৰ ছুটী বিচাৰি হোজাই যুটীয়া স্বাস্থ্য সঞ্চালকৰ ওচৰত আবেদন দাখিল কৰি পলায়ন কৰিছে।
ইপিনে পুত্ৰৰ আক্ৰমণত বেয়াকৈ আঘাতপ্রাপ্ত হৈ মহিলাগৰাকীয়ে বর্তমান হোজাই হাম হাস্পতালত মৃত্যুৰ সৈতে যুঁজি আছে।
- Log in to post comments