২০০৮ চনৰ ২৬ নৱেম্বৰত ১০টা লস্কৰ-ই-তৈবা (Lashkar-e-Taiba) সন্ত্ৰাসবাদীয়ে কঁপাই তুলিছিল মুম্বাই । আজমল কাচাবকে ধৰি সন্ত্ৰাসবাদীৰ দলটোৱে মুম্বাইৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থান লক্ষ্য কৰি লৈছিল যাৰ ভিতৰত আছিল ছত্ৰপতি মহাৰাজ টাৰ্মিনাস (CSMT), তাজমহল পেলেচ হোটেল, হোটেল ট্ৰাইডেণ্ট, নৰিমন হাউচ, লিওপোল্ড কেফে, কামা চিকিৎসালয়।।।
এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত ১৬৬ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু হাজাৰতকৈও অধিক লোক আহত হৈছিল । ইফালে, ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী আৰু মুম্বাই আৰক্ষীয়ে সাহসেৰে ৯ জন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে। এই সমগ্ৰ ইতিহাসৰ ঘটনাক্ৰমত কেৱল এটা সন্ত্ৰাসবাদী- কাচাব জীৱিত অৱস্থাত ধৰা পৰিছিল। ২০১২ চনৰ ২১ নৱেম্বৰত ফাঁচী দিয়া হৈছিল কাচাবক।
সমগ্ৰ দেশ কঁপাই যোৱা মুম্বাই সন্ত্ৰসবাদী আক্ৰমণৰ ঘটনাই আজি ১৭ বছৰ অতিক্ৰম কৰিলে। ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ চকুত ধূলি দি পাকিস্তানৰ পৰি অহা ১০ জনীয়া সন্তাসবাদী দলটোৱে মুম্বাইত চলাইছিল আক্ৰমণ। মুম্বাইৰ বিখ্যাত তাজ হোটেলত মাৰণাস্ত্ৰৰে পাকিস্তানী সন্ত্ৰাসবাদী দলটোৱে নিৰীহ জনতাৰ ওপৰত নিৰ্বিচাৰে গুলিচালনা কৰিছিল । মুম্বাই চহৰত হোৱা এই আকস্মিক সন্ত্ৰাসবাদী আক্ৰমনে সমগ্ৰ চহৰ খনক স্তব্ধ কৰি তুলিছিল। মুম্বাই আৰক্ষী, ৰাষ্ট্রীয় সুৰক্ষা বাহিনীৰ জোৱান আৰু কামাণ্ডোৰ সাহস , আত্মবলিদানৰে দীৰ্ঘ সময়যোৰা সংঘৰ্ষৰ অন্তত সন্ত্ৰাসবাদী সকলক দমন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয়। ১০ জনীয়া দলৰ বাকী কেইজন সন্ত্ৰাসবাদী নিহত হয় একমাত্ৰ জীৱন্ত ভাবে কৰায়ত্ত কৰা হয় আজমল কাছভক আৰু পৰৱৰ্তী সময়ত ফাঁচী দিয়া হয় দুধৰ্ষ সন্ত্ৰসবাদীজনক।
২৬/১১ ৰ আক্ৰমণৰ পিছত ভাৰতৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হয় । হঠাৎ হব পৰা আক্ৰমণৰ লগত মোকাবিলা কৰিবলৈ দেশৰ ডাঙৰ ডাঙৰ চহৰত গঠন কৰা হয় বিশেষ NSG ৰ গোট। পাকিস্তানী সন্ত্ৰাসবাদীক প্ৰতিহত কৰিবলৈ গৈ শ্বহীদ হল সুদক্ষ আৰক্ষী অফিচাৰ হেমন্ত চৰকাৰে ধৰি আৰু বহু কেইজন। ভাৰতক অস্থিৰ কৰি তোলাৰ লক্ষ্যৰে পাকিস্তাৰ মাটিত চলিছিল মুম্বাই আক্ৰমণৰ মাষ্টাৰ প্লেন। পাকিস্তানৰ পৰা অহা ১০ জনীয়া প্ৰশিক্ষণ প্ৰাপ্ত সন্ত্ৰসবাদী দলটোৱে কাৰাচী বন্দৰৰ পৰা মুম্বাই উপকূললৈ জাহাজৰে যাত্ৰা কৰিছিল লগত আছিল ভয়ংকৰ আৰু অত্যাধুনিক মাৰণাস্ত্ৰ।
২৬ নৱেম্বৰত আৰম্ভ হোৱা সন্ত্ৰাস আৰু ৰক্তপাতৰ সময় ভাৰতৰ অৰ্থনৈতিক ৰাজধানীত প্ৰায় ৪ দিন ধৰি চলিছিল।২৬ নৱেম্বৰঃ ১০ লস্কৰ সন্ত্ৰাসবাদী স্পীডবোটেৰে কৰাচীৰ পৰা মুম্বাইত উপস্থিত হয়। আক্ৰমণৰ আৰম্ভণিতে ইয়াক এটা গেংৱাৰ বুলি গণ্য কৰা হৈছিল, কিন্তু সোনকালেই এইটো স্পষ্ট হৈ পৰিছিল যে এইটো এটা সন্ত্ৰাসবাদী আক্ৰমণ আছিল। চাৰিটা সন্ত্ৰাসবাদী তাজ আৰু দুটা ট্ৰাইডেণ্ট ত উপস্থিত হৈছিল।
আনহাতে, দুটা নৰিমন হাউচত আক্ৰমণ কৰিছিল। কাচাভকে ধৰি আন এটা সন্ত্ৰাসবাদীয়ে চিএছএমটিত গুলীচালনা কৰে। এই আক্ৰমণত, ৫৮ জন লোক নিহত হৈছিল আৰু ১০০ ৰো অধিক লোক আহত হৈছিল।কাচাব আৰু তেওঁৰ সহযোগী ইছমাইল খান কামা চিকিৎসালয়ৰ ফালে গৈছিল। সন্ত্ৰাসবাদী দুটাই চহৰখনত ৬ জন আৰক্ষী বিষয়াক হত্যা কৰিছিল। প্ৰাণ হেৰুওৱা আৰক্ষীসকলৰ ভিতৰত আছিল মুম্বাই সন্ত্ৰাসবাদ বিৰোধী দলৰ মুৰব্বী হেমন্ত কাৰকাৰে, বিজয় চালস্কাছ আৰু অশোক কামতে। ইফালে,সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত কনিষ্টবল তুকাৰাম ওম্বলেও নিহত হৈছিল।
- Log in to post comments