বকোত সংঘটি হৈছে জঘন্য ঘটনা;১৬বছৰীয়া কিশোৰীক ধৰ্ষণ তিনি লম্পটৰ

Minor Girl Raped

ৰাজ্যত পুনত ধৰ্ষণকাণ্ড। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য ঘটনাৰ। এইবাৰ বকোত সংঘটিত হৈছে আন এক জঘন্য ঘটনা।

বিগত কেইবাদিন ধৰি ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড । আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি ৰাজ্যত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে।

কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা। গাৰ নোম শিয়ৰি উঠা এক ঘটনা

বকোত কিশোৰী ধৰ্ষণৰ ঘটনা। বকোত ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।

ঘটনা সন্দৰ্ভত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তিনিজন যুৱকক আটক কৰিছে। ধৃত যুৱককেইজন হৈছে — বেলপাৰাৰ দিগন্ত কলিতা,সঞ্জীৱ দাস আৰু দ্বীপজ্যোতি পাঠক।

জানিব পৰা মতে, বহুদিন ধৰি যুৱক কেইজনে পৃথকে পৃথকে কিশোৰীগৰাকীক ধৰ্ষণ কৰি আহিছিল। যদি ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীয়ে কাৰোবাক কয় তেন্তে প্ৰাণে মাৰিব বুলি ভয় দেখুৱাইছিল বুলি অভিযোগ উত্থাপন কৰে।

প্ৰাণৰ ভয়ত নিৰৱে সহি গৈছিল কিশোৰীগৰাকীয়ে। যোৱা দেওবাৰে বকোৰ গান্ধী মৈদানত কিশোৰীগৰাকীক নিচা খুৱাই পুনৰ ধৰ্ষণৰ চেষ্টা চলাইছিল বুলি অভিযোগ কৰে। তেনেতে কিশোৰীগৰাকীৰ দেউতাকে ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰে আৰু তৎপৰভাৱে বকো আৰক্ষীক খবৰ দিয়ে।

বৰ্তমান বকো আৰক্ষীয়ে তিনিজন অভিযুক্তক আটক কৰিছে। বকো আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Category