ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।।।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ।
পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ। এইবাৰ মহানগৰীৰ খানাপাৰাত পুৱাই উদ্ধাৰ এজন অচিনাক্ত যুৱকৰ মৃতদেহ।।খানাপাৰা উৰণ সেতুৰ সমীপত উদ্ধাৰ মৃতদেহটো।
উদ্ধাৰ হোৱা যুৱকজনৰ মৃতদেহটোৰ হাতত থকা এটা টেটুত লিখা আছিল ‘STONER AMAL’।
যুৱকজনৰ ডিঙিত ওলমি আছে জুবিনক্ষেত্ৰত কৰ্মৰত এটা বেচৰকাৰী সংস্থাৰ স্বেচ্ছাসেৱকৰ পৰিচয় পত্ৰ। যুৱকজনৰ বয়স প্ৰায় ৩০ বছৰ।যুৱকজনৰ কাষতে পৰি আছে এখন ৫০ টকীয়া নোট।
ঘটনা পোহৰলৈ অহাৰ লগে লগে আৰক্ষীক খবৰ দিয়া হয় যদিও খবৰ দিয়াৰ ৪ ঘণ্টাৰ পাছত ঘটনাস্থলীত উপস্থিত হয় বশিষ্ঠ আৰক্ষী।।
ইতিমধ্যে, ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
- Log in to post comments