মিচন সঞ্চালকৰ চেম্বাৰৰ সন্মুখত ধৰ্ণাত বহিল আশা

ASHA

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিচন, অসমৰ সঞ্চালকে আজি সদৌ অসম আশা সন্থাৰ নেতৃত্বক সাক্ষাৎকাৰৰ সময় দি কাৰ্যালয়ত অনুপস্থিত থকাৰ প্ৰতিবাদত সন্থাৰ সদস্য সকলে সঞ্চালকৰ চেম্বাৰৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে৷

উল্লেখ যে,’আশা’ (ASHA) সকল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)ৰ অন্তৰ্গত। আৰু এইসকল কৰ্মীয়ে জাতীয় স্বাস্থ্য অভিযানৰ বিভিন্ন নীতি আৰু আঁচনিৰ সফলতাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, বিশেষকৈ গ্ৰামাঞ্চলত স্বাস্থ্যসেৱা প্ৰদান আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ কাম অপৰিহাৰ্য।।

কিন্তু ইয়াৰ বিপৰীতে তেওঁলোকক প্ৰদান কৰা সা-সুবিধা ২০০৬ চনৰ তুলনাত বহু নগণ্য। তেওঁলোকক আজিলৈকে চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান কৰা নহল। আশা কৰ্মী সকলৰ ওপৰত চলা এই
বঞ্চনা আৰু প্ৰতাৰণা বন্ধ কৰা আৰু “আশা” ক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়া ৰ দাবীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিচন, অসমৰ সঞ্চালক মহোদয়ক সাক্ষাৎ কৰি এক স্মাৰক পত্র প্ৰদানৰ বাবে সঞ্চালকে নিজে নিদিষ্ট কৰি দিয়া ২২ অক্টোবৰ পুৱা ১০ বজাত সদৌ অসম আশা সন্থাৰ ৰাজ্যিক নেতৃত্ব কাৰ্যালয়ত উপস্থিত হয়।

কিন্তু কাৰ্যালয়ত উপস্থিত হৈ নেতৃত্বই জানিব পাৰে যে, সঞ্চালক ৰাজ্যৰ বাহিৰত। ইতিমধ্যে কাৰ্যসূচীৰ বাবে সন্থাৰ তিনিচুকীয়া, ডিব্ৰুগড়, কাচাৰ , হাইলাকান্দি, কাৰ্বি আংলঙকে ধৰি অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধি উপস্থিত হয়হি। সঞ্চালকৰ এনে কাণ্ডজ্ঞানহীন আচৰণত উপস্থিত আশা সকল ক্ষোভত ফাটি পৰে আৰু তেওঁলোকে সঞ্চালকৰ চেম্বাৰৰ সন্মুখত ধৰ্ণা দি সাক্ষাৎকাৰৰ সময় দি মিচন সঞ্চালক অনুপস্থিত কিয় জবাব দিয়ক, আশা ৰ স্মাৰক পত্র গ্রহণ কৰিবলৈ কিহৰ ভয় ??? মিচন সঞ্চালক হায় হায়, আশা ৰ স্মাৰক পত্র গ্রহণ কৰিবলৈ সময় দিব নোৱাৰা মিচন সঞ্চালক মুৰ্দাবাদ আদি শ্লোগানৰে চেম্বাৰৰ সন্মুখ উতপ্ত কৰি তোলে। পিছত ততাতৈয়াকৈ আশা ৰ Program Offere উপস্থিত হৈ আশা সকলৰ লগত আলোচনাত মিলিত হৈ স্মাৰক পত্র গ্রহণ কৰে। Program Officer গৰাকীয়ে আশা সকলক মিচন সঞ্চালকৰ লগত সাক্ষাৎকাৰৰ ব্যবস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছত হে আশা সকলে ধৰ্ণা কাৰ্যসূচী স্থগিত ৰাখে।

Category