
সোমবাৰে তেজপুৰত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। তেজপুৰত উপস্থিত হৈ সংবাদ মাধ্যমক সম্বোধন কৰি সভাপতিগৰাকীয়ে কেইবাটাও মন্তব্য কৰে৷
ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, ‘‘আমাৰ মনত দুখ আছে ৷ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ যি আকস্মিক আৰু ৰহস্যজনক মৃত্যু, তাৰ বাবে বিজেপিৰ প্ৰতিগৰাকী সদস্যই মনে প্ৰাণে বিচাৰিছো যে এখন পানী নসৰকা এখন অভিযোগনামা ন্যায়ালয়ত দাখিল কৰক ৷’’
‘‘জুবিনে ন্যায় পোৱা মানে জুবিনৰ অনুৰাগীৰ হিয়া শাঁত পৰা ন্যায়৷ কোনো দোষীয়ে যাতে কোনোপধ্যেই সাৰি যাব নোৱাৰে, সেইটো একেবাৰে ফুলপ্ৰুফ চার্জশ্বিট যাতে ভালদৰে হয়, সেইটো আমি এছ আই টিক দাবী কৰিছোঁ ৷ তদন্তৰ ক্ষেত্ৰত ন্যায় যিহেতু ন্যায়ালয়ে দিব, চৰকাৰে নিদিয়ে সেইটো ৰাজীৱ গান্ধীৰ ক্ষেত্ৰতো হৈছে, ইন্দিৰা গান্ধীৰ ক্ষেত্ৰতো হৈছে৷ কিন্তু জুবিন দাৰ যিটো ৰহস্যজনক মৃত্যু, এইক্ষেত্ৰত দেশ-বিদেশৰ অসংখ্য অনুৰাগীয়ে ন্যায় পোৱাটো বিচাৰিছে আৰু আমি ভাৰতীয় জনতা পাৰ্টী এটা চোতাও দূৰত নহয় ৷ বিজেপি ৰাইজৰ আবেগ-অনুভূতিৰ লগত আছে ৷ বিজেপি মানে জনতাৰ দল । বিজেপি সদায় ৰাইজৰ পক্ষত আছে আৰু থাকিব, ৰাইজৰ লগত থকাটো দায়বদ্ধতা।’’
জুবিন গাৰ্গৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়াৰ সন্দৰ্ভত দিলীপ শইকীয়াই কয়, ‘‘এছ আই টি গঠন কৰি তদন্ত কৰি থকা হৈছে ৷ ন্যায়িক আদালতৰ দ্বাৰা আৰু বিষয়টো ফাষ্টট্ৰেক আদালতৰ জৰিয়তে হ’ব ৷ এইটো মহামান্য উচ্চ ন্যায়ালয়ে গঠন কৰিব আৰু বিষয়টো এই আদালতলৈকে গতি কৰিব ৷ সেয়া আমাৰ দাবী আছে, গতিকে মহামান্য আদালতে এই ফাষ্টট্ৰেক গঠন কৰক আৰু অতি শীঘ্ৰে দোষীক শাস্তি প্ৰদান কৰক ।’’
আনহাতে, শ্যামকানু মহন্তৰ পত্নীক বৰ্তমানলৈকে তদন্তৰ আওতালৈ ননাৰ প্ৰসংগত শইকীয়াই কয়, ‘‘কোনে, কেতিয়া, ক’ত গৈছে, সেইটো বিজেপিৰ সভাপতি হিচাপে মই নাজানো ৷ যি কথা সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমে দেখুৱাইছে সেয়াই কৰা হৈছে ৷ কিন্তু মূল কথাটো হৈছে কোনো দোষী যাতে সাৰি যাব নোৱাৰে ৷ কাৰণ দোষী সাব্যস্ত যিহেতু হোৱা নাই, মই দোষী বুলি নকওঁ ৷ কিন্তু যাৰ প্ৰতি সন্দেহ আছে সকলোৰে ওপৰত তদন্ত হ’ব লাগে ৷’’
লগতে তেজপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আগন্তুক নিৰ্বাচনত নতুন প্ৰাৰ্থী বা অগপৰ সৈতে বিজেপিৰ মিত্ৰতা প্ৰসংগত তেওঁ কয় যে, ‘‘আমাৰ মিত্ৰতা ২০২১-২০২৫ লৈকে আছিল ৷ এতিয়া ২০২৬ ৰ নিৰ্বাচনত অগপৰ লগত মুঠতে তিনিটা দলৰ লগত পুনৰ বৈঠকত বহিব ৷ গতিকে এতিয়া তেজপুৰৰ কথাও নাহে মৰিগাঁৱৰ কথাও নাহে ৷’’
- Log in to post comments