পৰকীয়া প্ৰেমিকৰ সৈতে জন্মদিন উদযাপনৰ কৰিবলৈ গৈ লাগিল লেঠা; হঠাৎ ভাড়াঘৰত উলাল স্বামী আৰু পৰিয়াল,তাৰ পাছত…

Mariani news

কিমান ভয়ংকৰ হ’ব পাৰে পৰকীয়া প্ৰেম।

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। বিগত বৰ্ষত পোহৰলৈ আহিছে এটাৰ পিছত আন এটা হত্যাকাণ্ডৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে ৰাজ্যত সঘনাই সৃষ্টি হোৱা হত্য়াকাণ্ডৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । দেশত এতিয়াই পৰকীয়া প্ৰেমক লৈ সৃষ্টি হোৱা কেতবোৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে।

মৰিয়নিত থানাত কৰ্মৰত বিবাহিতা মহিলা আৰক্ষীৰ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি।। মৰিয়নি থানাত কৰ্মৰত মহিলা আৰক্ষীৰ ভাড়া ৰূমত পৰ পুৰুষৰ সৈতে হাতে লোটে ধৰি দুয়োকে উত্তম-মাধ্যম স্বামীসহ পৰিয়ালৰ ৷

এইবাৰ সৰ্বসাধাৰণ লোকৰ নহয়।আৰক্ষী পৰিল পৰকীয়া প্ৰেমত। আৰক্ষী প্ৰেমিকাই থানাৰ ভিতৰত বনায় ৰিলচ।ইনষ্টাগ্ৰামতো ভীষণ জনপ্ৰিয় পুলিচ বাইদেউ। স্বামী সন্তান থকাৰ পিছতো বাইদেউ বাৰে বাৰে পৰে প্ৰেমত।মৰিয়নি থানাত নিয়োজিত এইগৰাকী মহিলা আৰক্ষী কনিষ্টবল বিনীতা বৈৰীক ভাড়া ঘৰৰ কোঠাৰ ভিতৰতে নিশা অবৈধ প্ৰেমিকৰ সৈতে অভিসাৰত লিপ্ত থকা প্ৰত্যক্ষ কৰে স্বামীয়ে।ইয়াৰ পিছতে বিনীতাৰ স্বামীয়ে দুয়ো প্ৰেমিক প্ৰেমিকাক উত্তম মধ্যম শোধাই মৰিয়নি থানালৈ লৈ আনে।। বিনীতাৰ অবৈধ প্ৰেমিক বাব্লু বৰ্নৱ হৈছে মৰিয়নি আৰক্ষী থানাৰে বেটেলিয়ন।৷

ব্লাবুৰ জন্মদিন উদযাপনৰ বাবে নিশা গোপনে গৈছিল বিনীতাৰ ভাৰাঘৰলে। জন্মদিন উদযাপনৰ সুখৰ নহল দুয়োৰে

বিনীতাৰ স্বামীয়ে জনোৱা মতে ৯ বছৰৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা সংসাৰ ঠিকেই চলি আছিল দুয়োৰে পিছে চাৰি বছৰৰ পূৰ্বে চাকৰি পোৱাৰ পাছতে হঠাৎ সলনি হয় বিনীতা৷ instagram ত দৈনিক নতুন নতুন ভিডিঅ’ ঠিকেই আপলোড কৰে কিন্তু নিজৰ ৭ বছৰীয়া সন্তানৰ খৱৰ এটা লবলৈ ইচ্ছা নকৰে বিনীতাই, আনকি স্বামী সন্তান ৰূমলৈ লগ ধৰিবলৈ আহিলে বেয়া পাইছিল বিনীতাই৷

এইবোৰ ঘটনাত সন্দেহ উপজিল স্বামীৰ ।সোমবাৰে নিশা হঠাৎ বিনীতাৰ ভাৰা ঘৰত স্বামীসহ পৰিয়ালৰ লোক উপস্থিত হৈ বিনীতাক অবৈধ প্ৰেমীকৰ সৈতে হাতে লোটে ধৰা পেলাই৷ ইতিমধ্যে মৰিয়নি থানাত বিনীতাৰ স্বামীয়ে দুয়োৰে বিৰুদ্ধে দাখিল কৰিছে এখন এজাহাৰ।।

Category