
ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত ।
পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা ঘটনা।
মঠঘৰীয়াস্থিত গেট হাস্পতালৰ সমীপৰ ৰাজপথৰ নলাত পৰি থকা অৱস্থাত বাইকসহ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ
স্থানীয় লোকে নলাত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে AS-01FS-3360 নম্বৰৰ KTM বাহনখনৰ সৈতে যুৱকজনৰ মৃতদেহটো।
ঘটনা পোহৰলৈ অহাৰ লগে লগে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। খবৰৰ ভিত্তিত ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ পৰিচয়।
এয়া দুৰ্ঘটনা নে অন্য কিবা বৰ্তমানলৈ জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ অন্ত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা।
- Log in to post comments