
অসমৰ প্ৰাণৰ শিল্পী বিহীন এটা মাহ। ৩০টা দিন পাৰ কৰিলে অনুৰাগী সকলে।
১৯ ছেপ্টেম্বৰ, শুকুৰবাৰ। হঠাতে আহিছিল এক অনকাংশিত খবৰ। কোনেও কাহানিও নভবা এটা খবৰ। যি খবৰে সকলো স্তব্ধ কৰি পেলাইছিল।। মুহূৰ্তত ৰূপ সলাইছিল প্ৰকৃতিয়ে। ১৯ ছেপ্টেম্বৰৰ দিনটোতে ছিংগাপুৰৰ পৰা আহিছিল অসমবাসীয়ে কোনোকালে কল্পনা কৰিব নিবিচৰা সেই খবৰটো।
‘‘জুবিন গাৰ্গ আৰু নাই’’…
ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ গৈ সাগৰ তলিতে চিৰদিনৰ বাবে শুই পৰিল অসমৰ প্ৰাণ। অসমে হেৰালে সুৰ-সংগীত, সম্পদ আৰু জুবিন নামৰ এটা সত্বা।
আজি এমাহ সম্পূৰ্ণ হ’ল যদিও আজিও অসমবাসীয়ে মানিব ল’ব পৰা নাই সকলোৰে প্ৰাণৰ শিল্পীগৰাকী যে নাই ।
সোণাপুৰৰ জুবিন সমাধি ক্ষেত্ৰত এমহীয়া মাংগলিক অনুষ্ঠান। দেওবাৰে পুৱতি নিশাৰে পৰা অসমৰ ভিন্ন প্ৰান্তৰ পৰা মানুহ আহি উপস্থিত হৈছে। ধুবুৰীৰ পৰা শদিয়াৰ লৈকে সকলো মানুহ বাছেৰেই আহিছে আজি জুবিন সমাধিক্ষেত্ৰলৈ। জুবিন সমাধিক্ষেত্ৰত লোকে লোকাৰণ্য পৰিৱেশ।
পুৱা ১০বজাৰ পৰা আৰম্ভ হয় গীতা পাঠ। এই গীতা পাঠ বিগত দিনকেইটাত সদায়েই অব্যাহত আছে জুবিন সমাধি ক্ষেত্ৰত। ১১বজাত নাম-কীৰ্তনৰ লগতে দুপৰীয়া ১২বজাত অনুষ্ঠিত হয় সৰ্বধৰ্মীয় প্ৰাৰ্থনা।
২বজাৰ পৰা মাহ-প্ৰসাদ বিতৰণকে ধৰি লঘু আহাৰ গ্ৰহণ কৰিব পাৰিব ৰাইজে। বিয়লি ৩বজাত এশ আয়তী দল একত্ৰিত ভাবে দিহানাম পৰিৱেশন কৰিব। সন্ধিয়া ৫বজাত অনুষ্ঠিত হব এশ বাঁহীবাদৰ সুৰৰ মূৰ্চ্ছনা। নিশা ৭বজাত বিশিষ্ট বাদ্যযন্ত্ৰী শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰিব।
এই সমগ্ৰ অনুষ্ঠানটো প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হ’ব। নিশা ১০বজাত পৰিৱেশন হ’ব অংকীয়া ভাওনা। এই সমগ্ৰ দিনটোৰ কাৰ্যসূচীত ৰাইজৰ দিহা-পৰামৰ্শ কামনা কৰিছে ডিমৰীয়াবাসী ৰাইজে। লগতে জুবিন অনুৰাগীৰ নাম লৈ কোনোৱে যাতে ৰাগিয়াল দ্ৰব্য সেৱন কৰি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰে, সেই আহ্বানো জনায় ডিমৰীয়াবাসী ৰাইজে
- Log in to post comments