
আজি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ ১১ টা দিন সম্পূৰ্ণ হ’ল। । বিগত দিনকেইটা প্ৰতিগৰাকী অসমীয়াৰ বাবে অসহনীয়ভাৱে পাৰ হৈছে ৷ এইগৰাকী মহান শিল্পী কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ’লেও প্ৰতিজন অসমীয়াৰে হৃদয়ত কিন্তু আজীৱন জীয়াই থাকিব।
আজি হাৰ্টথ্ৰ’ব শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। কাহিলিপাৰাৰ বাসগৃহত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। মাংগলিক ৰীতি-নীতিৰে অনুষ্ঠিত শ্ৰাদ্ধ।
আদ্যশ্ৰাদ্ধৰ দিনাই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ বিস্ফোৰণ। জুবিনৰ আদ্যশ্ৰাদ্ধৰ দিনাই পত্নী গৰিমা শইকীয়া গাৰ্গে এই ঘটনাক লৈ তুলিলে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন।
গৰিমা শইকীয়া গাৰ্গয়ে কয়, ‘‘য়টত থকা প্ৰত্যেকজনেই জুবিনৰ মৃত্যুৰ বাবে দায়ী। তেওঁক পানীৰ পৰা আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল। সেইখিনি কিয় নকৰিলে মই বুজি পোৱা নাই। মোৰ বহু প্ৰশ্ন আছে, এই প্ৰশ্নসমূহৰ উত্তৰ মই বিচাৰিছোঁ’।’’
গৰিমা শইকীয়া গাৰ্গে লগতে কয়, ‘‘তেওঁ শুই ভাল পায়, হোটেলত শুই থাকিব দিব লাগিছিল। তাৰ পৰা কিয় পুৱাই তুলি নিয়া হৈছিল? জুবিন অনুষ্ঠানৰ বাবেহে গৈছিল, তেনেকুৱা স্থানত ফূৰ্তি-তামাচাৰ বাবে নিছিল কিয়? মোৰ প্ৰশ্ন আছে, এই প্ৰশ্নৰ উত্তৰ লাগে মোক।’’
‘‘মই তেওঁৰ লগত বহুবাৰ বাহিৰত ফুৰিব গৈছিলোঁ। তেতিয়াতো এনেকুৱা ঘটনা হোৱা নাছিল। তেওঁ পানীত নামিব বিচাৰিছিল যদিও তেওঁৰ লগত থকা কেইজনে বাধা কিয় নকৰিলে? তেওঁ শিশু মনৰ আছিল। যি ঠাইত তেওঁলোক ফুৰিবলৈ গৈছিল সেই ঠাইত স্থানীয় লোক নাযায় বুলি মই ইণ্টাৰনেটত পাইছোঁ। সেই বিপজ্জনক ঠাইত কিয় লৈ গৈছিল জুবিনক?
তেওঁ সকলোকে ভাল পায়, মৰম কৰে তেওঁৰ লগত ষড়যন্ত্ৰ কিয়?’’
গৰিমাই কয়, ভাগৰুৱা জুবিনক সাগৰত নামিব দিব নালাগিছিল। সিদ্ধাৰ্থ, শেখৰে বাধা দিব লাগিছিল। য়টত থকা প্ৰত্যকজন মৃত্যুৰ দায়ী।
- Log in to post comments