
প্ৰাগ নিউজৰ উলুবাৰীস্থিত কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। প্ৰাগ নিউজৰ স্বত্বাধিকাৰ সঞ্জীৱ নাৰায়ণ সংবাদমেলৰ প্ৰতিবাদত সৃষ্টি হয় এই পৰিস্থিতিৰ।
বীৰ লাচিত সেনা, যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠন তথা জুবিন অনুৰাগীয়ে জনাই এই প্ৰতিবাদ।।
উল্লেখ্য যে, সঞ্জীৱ নাৰায়ণ(চিকু)য়ে গুৱাহাটী প্ৰেছ ক্লাৱত আহ্বান কৰিছিল সংবাদমেল। গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰিছিল এই সংবাদমেলৰ। কিন্তু আৰক্ষীয়ে বাধা প্ৰদান কৰে সংবাদমেলৰ। ইয়াৰ পাছতে সঞ্জীৱ নাৰায়ণে নিজৰ প্ৰাগ নিউজৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰাৰ জাননী দিয়ে। সেই মতে কিছু সংখ্যক সাংবাদিক তাত উপস্থিত হয় যদিও ইতিমধ্যে তাত সংবাদমেল আয়োজনৰ খবৰ পায়েই উপস্থিত হয় বীৰ লাচিত সেনা, যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন সংগঠনৰ নেতৃত্ব তথা অন্যান্য ব্যক্তিসকল।
- Log in to post comments