
অৱশেষত পঞ্চভূতত বিলীন হ’ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ।পাৰ্থিৱ শৰীৰ সমগ্ৰ ৰাজ্য নিতাল-নিস্তব্ধ।শোকত ভাগি পৰিছে অসম আৰু অসমীয়া।
ৰাজ্যবাসীক নিঠৰুৱা কৰি মঙলবাৰে জোনবাইৰ দেশলৈ গুচি গ’ল প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। মঙলবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। এতিয়াৰে পৰা অসমবাসীৰ প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গৰ নতুন ঠিকনা হ’ল কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ পাণবাৰী মৌজাৰ কমাৰকুছি গাঁৱৰ হাতীমূৰা টিলা। শেষকৃত্যস্থলীত ভাৰত চৰকাৰৰ হৈ কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৱে মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে।অসমৰ ভিন্নপ্ৰান্তৰ জনগণ আৰু দল-মত-জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজ একত্ৰিত হ’ল সোণাপুৰত।
অন্তিম বিদায় জনাই ভাঙি পৰিল অভিনেতা ৰবি শৰ্মা।
সামাজিক মাধ্যমত পষ্ট অভিনেতা ৰবি শৰ্মাৰ। সামাজিক মাধ্যমত অভিনেতা ৰবি শৰ্মাই লিখে…‘‘জিৰণি লোৱা বন্ধু। তোমাৰ আধৰুৱা কামবোৰ আমি কৰিম। কথা দিলোঁ।’’
- Log in to post comments