
আজি পবিত্ৰ জন্মাষ্টমী আজি ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি ৷ ।পবিত্ৰ ভাদ মাহত কংসৰ কাৰাগাৰত দৈবকীৰ উদৰত জন্ম হৈছিল ভগৱান শ্ৰীকৃষ্ণৰ ৷ শ্ৰীমদ্ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত হৈছিল৷ সেই অনুসৰি হিন্দু ধৰ্মাৱলম্বী লোক সকলে ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ উলহ-মালহেৰে পালন কৰি আহিছে৷
জন্মাষ্টমী উপলক্ষে পুৱাৰে পৰাই নাম, প্ৰসংগৰে মুখৰিত হৈছে সত্ৰ, নামঘৰ সমূহ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৃষ্ণ ভক্তিত নিমজ্জিত হৈছে ভক্তপ্ৰাণ ৰাইজ।
কৃষ্ণ জন্মাষ্টমীক সাধাৰণতে জন্মাষ্টমী বা গোকুলাষ্টমী বুলিও জনা যায়। জন্মাষ্টমী হৈছে এক বাৰ্ষিক হিন্দু উৎসৱ যিয়ে বিষ্ণুৰ অষ্টম অৱতাৰ কৃষ্ণৰ জন্ম উদযাপন কৰে।সেইদৰে মথুৰাত জন্মাষ্টমীক লৈ উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে৷
ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান কৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত হৈছিল।
কৃষ্ণ ভক্তিত নিমজ্জিত লাখ লাখ ভক্তই ধূপ, ধুনা, নৈবদ্য আগবঢ়াই কৃষ্ণ নামেৰে ভক্তিৰসত বুৰ গৈছে।
হিন্দুসকলৰ বিশ্বাস অনুসৰি যেতিয়া পৃথিৱীত অন্যায়-অত্যাচাৰেৰে ভৰি পৰিছিল, তেতিয়াই পৃথিৱীবাসীক ৰক্ষা কৰিবলৈ আৰু শুদ্ধ পথ দেখুৱাবলৈ ভগৱান বিষ্ণুৱে মানুহৰ ৰূপ ধৰি জন্মগ্ৰহণ কৰিছিল।
- Log in to post comments