নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্বভাৰ লোৱাৰ দিশে কুলমান ঘিচিং

Who is Kulman Ghising?

নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ নাম প্ৰকাশ।কুলমান ঘিচিং হ’ব অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী। Gen Zয়ে প্ৰস্তাৱ কৰিলে কুলমান ঘিচিঙৰ নাম। কাঠমাণ্ডুৰ মেয়ৰ বেলেন শ্বাহ আৰু প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কি একাষৰীয়া হোৱাৰ পাছত নেপালৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব কুলমন ঘিচিঙৰ ওপৰত ন্যস্ত কৰা হৈছে।

কুলমন ঘিচিং কোন…
কুলমান ঘিচিঙৰ শিক্ষা : ভাৰতৰ জামছেদপুৰৰ আঞ্চলিক প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিক বিষয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। কুলমান ঘিচিঙে পৰৱৰ্তী সময়ত তেওঁ নেপালৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পুলচ’কস্থিত অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা শক্তি ব্যৱস্থা অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন: ১৯৯৪ চনত নেপাল বিদ্যুৎ কৰ্তৃপক্ষত (এন ই এ) কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ২০১৬ চনত ঘিছিঙক এন ই এৰ পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়, এন ই এৰ পৰিচালন সঞ্চালকৰ চাৰি বছৰীয়া কাৰ্যকালৰ অন্তত ২০২০ চনত তেওঁক সলনি কৰা হয় যদিও ২০২১ চনত পুনৰ এই পদলৈ আহে।

বিদ্যুৎ ব’ৰ্ডৰ পৰা বৰ্খাস্ত : চলিত বৰ্ষৰ আগষ্ট মাহত তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ মাত্ৰ চাৰি মাহৰ পূৰ্বে ২০২৫ চনৰ ২৪ মাৰ্চত এন ই এৰ কাৰ্যবাহী সঞ্চালক পদৰ পৰা অপসাৰণ কৰে কে পি শৰ্মা অলী চৰকাৰে আৰু তেওঁৰ ঠাইত হীতেন্দ্ৰ দেৱ শাক্যক স্থান দিয়ে।

উল্লেখ্য যে নেপালত চৰকাৰক জবাবদিহি কৰাৰ দাবীত যুৱক-যুৱতী, মূলতঃ ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত চলি থকা জেন জেড আন্দোলনে ইতিমধ্যে ভয়ংকৰ ৰূপ লৈছে । বিগত ৮ ছেপ্টেম্বৰৰ পৰা কাঠমাণ্ডু আৰু পোখাৰা, বুটৱাল, বীৰগঞ্জকে ধৰি অন্যান্য ডাঙৰ চহৰত চৰকাৰে কৰ ৰাজহ আৰু চাইবাৰ সুৰক্ষাৰ উদ্বেগ প্ৰকাশ কৰি একাংশ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে এই প্ৰতিবাদ আৰম্ভ হৈছিল ।

নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১৯ জন লোক নিহত হোৱাৰ লগতে ৫০০ ৰো অধিক লোক ইতিমধ্যে আহত হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাঠমাণ্ডুকে ধৰি কেইবাখনো চহৰত কাৰ্ফিউ জাৰি কৰা হৈছে । জেন ​​জেডৰ প্ৰতিনিধি দলে কুলমান ঘিচিঙৰ নাম প্ৰস্তাৱ কৰিছে।

Category