
ৰাজ্যত প্ৰতিদিনে উৎকোচ লৈ হাত দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই(Govt official raises hand with bribe)।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী।
ৰাজ্যত পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া। এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ যোগান বিভাগৰ অধীক্ষক।
শিৱসাগৰত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত যোগান বিভাগৰ অধীক্ষক। অধীক্ষক নাগুইব খানে উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয়। ৪০০০ টকা ঘোচ লোৱা অৱস্থাত জালত পৰিল অধীক্ষকগৰাকী।
ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাৰ ১২ জনীয়া এটা দলে আটক কৰে নাগুইব খানক। বৰ্তমান দলটোৱে কাৰ্যালয়তে নাগুইব খানক সোধ পোছ অব্যাহত ৰাখিছে।
- Log in to post comments