আপুনি বাৰু জানেনে স্বাস্থ্যৰ বাবে কিমান উপকাৰী মানিমুনি শাক ?

centella asiatica benefits

আপুনি বাৰু মানিমুনি শাক কেনে ধৰণে ব্যৱহাৰ কৰে জানেনে? আপুনি যদি মানিমুনিৰ ব্যৱহাৰ ভালদৰে নাজানে তেনেহলে আজি আমি আপোনালোকক বনৌষধি গছ মানিমুনিৰ বিষয়ে কম। আপোনালোকে ইয়াৰ পৰা নিশ্চয় উপকৃত হব।মানিমুনি এবিধ বনৌষধি উদ্ভিদ। মানিমুনি শাক সকলোৱে চিনি পায় । এইবিধ উদ্ভিদ সাধাৰণতে জেকা মাটিত হোৱা জলজ উদ্ভিদ।মানিমুনি যে এবিধ গুণশালী ঔষধি শাক তাক সকলোৱে জানে। মানিমুনি শাক দুবিধ আছে। এবিধ সৰু মানিমুনি আৰু এবিধ ডাঙৰ মানিমুনি। ঔষধ হিচাপে সৰু মানিমুনিৰ গুণাগুণো অধিক।

মানিমুনি সদায় খালে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হয়। শৰীৰ সুস্থ সবল কৰি বয়সৰ চাপৰ পৰা ৰক্ষা কৰে। মানিমুনি শাকত থকা ৰাসায়নিক তত্ত্বসমূহৰ ফলত কোষ নিৰ্মাণত জড়িত কোলাজেনৰ পৰিমান বৃদ্ধি কৰে (সেয়ে ঘাঁ সোনকালে শুকায়) আৰু ইনফ্লেমেচন কমায়, শৰীৰৰ ইমিউনিটি বঢ়াই মানিমুনিয়ে(centella asiatic)।

যি কোনো টিউমাৰৰ আকৃতি হ্ৰাস কৰি কৰ্কট ৰোগৰ চিকিৎসাত মানিমুনিয়ে লাগতিয়াল ভূমিকা পালন কৰে ।

পেটৰ যিকোনো বেমাৰৰ বাবে ই এবিধ মহৌষধ হিচাপে কাম কৰে। মানিমুনি শাকৰ ৰস নিয়ীয়াকৈ খালে পেটৰ অসুখত কোনোদিনে ভুগিব নালাগে। কেৱল মাত্ৰ পেটৰ অসুখতে নহয় আলচাৰ, হাপানিৰ লগতে চৰ্ম ৰোগৰ বাবেও মানিমুনি শাক খুবেই উপকাৰী।

মানিমুনি শাকে মস্তিষ্কৰ কোষবোৰ গঠনত সহায় কৰে। বয়সৰ লগে লগে বিশেষকৈ ৩০ বছৰ বয়সৰ পিছত দৈনিক গঢ়ে এক লাখ স্নায়ুকোষ ধ্বংস হয় । সেয়েহে স্নায়বিক দুৰ্বলতা আৰু স্মৃতি শক্তি কমিবলৈ ধৰে ।

মানিমুনিয়ে স্মৃতি শক্তি বঢ়াই , বুদ্ধিৰ বিকাশ কৰে , ভাল টোপনি আহে , মনৰ অস্থিৰতা আঁতৰ কৰে , মানসিক উৎকণ্ঠাৰ নাইকীয়া কৰে ,অৱসাদ বিলুপ্ত কৰে।

পেটৰ কামোৰণিত মানিমুনি শাকৰ পাত তলপেটত প্ৰলেপ ল’লে পেটৰ কামোৰণি নোহোৱা হয়। সৰু ল’ৰা-ছোৱালীৰ পেটৰ কামোৰ, জ্বৰ, তেজ হাগনি আদিত মানিমুনি পাতৰ ৰস অতি উপকাৰী।

যি কোনো বেমাৰৰ পিছত মানিমুনিৰ জোল বৰ উপকাৰী।মানিমুনি খালে আমাৰ চুলি পকা, সৰা আদি বন্ধ হয়।

মানিমুনিৰ ৰসে আমাৰ তেজ পৰিষ্কাৰ কৰে। সদায় ৰাতিপুৱা খালী পেটত চাৰি চামুচ মানিমুনিৰ ৰস আৰু এক চামুচ মৌ মিহলাই এক সপ্তাহ খালে তেজ পৰিষ্কাৰ হয়।

Category