আৰক্ষীক আ-অলংকাৰ, ধনৰ সন্ধান দিবলৈ গৈ পলায়ন দুধৰ্ষ ডকাইত ৰাজিবুলৰ; তাৰ পিছত…

Goalpara News

পুনৰ অপৰাধীৰ বিৰুদ্ধে গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। অসম আৰক্ষীৰ গুলীত ধৰাশায়ী দুধৰ্ষ ডকাইত।

এইবাৰ গোৱালপাৰাৰ মাটিয়াৰ ট্ৰেঞ্জিট (ডিটেনচন) কেম্পত আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আহত ডকাইত। ধৃত ডকাইতটো নাম ৰাজিবুল আলী বুলি জানিব পৰা গৈছে।। শুকুৰবাৰে নিশা টিপলাইত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।

এই ঘটনা সন্দৰ্ভত সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাহুল কোচ, অপূৰ্ব ৰাভা আৰু অভিনাশ ৰাভা নামৰ আন তিনিটা ডকাইত। ৩ ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা মাটিয়া পৰা দুধৰ্ষ ডকাইত ৰাজিবুলক গ্ৰেপ্তাৰ কৰিছিল গোৱালপাৰা আৰক্ষীয়ে। ৰাজিবুলে জংঘলত লুকুৱাই ৰখা আ-অলংকাৰ, ধনৰ সন্ধান দিবলৈ লৈ গৈছিল আৰক্ষীক। কিন্তু সেইসময়তে আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল ৰাজিবুলে। পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলী কৰে ৰাজিবুলক।

Category