ৰাজ্য কঁপোৱা ভয়ংকৰ দুৰ্ঘটনা! চাৰিচকীয়া বাহনত খুন্দা মালবাহী ৰে’লৰ

train accident

পুনৰ ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এখন মালবাহী ৰে’লে মহটিয়ালে এখন চাৰিচকীয়া বাহনক।ভয়ংকৰ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা ৩ গৰাকী ছাত্ৰীসহ এজনৰ লোকৰ।

দুৰ্ঘটনাত পতিত ৰে’লখনৰ নম্বৰ WDG4G- 49131 চাৰি চকীয়া বাহনখনৰ নম্বৰ AS 17 Q / 8055। ধুবুৰী জিলাৰ ডুমৰদহত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

জানিব পৰা মতে, কোচবিহাৰৰ পৰা ধুবুৰী অভিমুখী মালবাহী ট্ৰেইনখনে AS 17 Q / 8055 নম্বৰৰ চাৰি চকীয়া বাহন খনক দুমৰদহৰ ৰে’ল লাইনৰে পাৰাপাৰৰ প্ৰচেষ্টা চলোৱাৰ সময়তে খুন্দা মাৰে। ৰে’লখন অহা দেখি ২ গৰাকী ছাত্ৰীয়ে আন এগৰাকী কণমানি ছাত্ৰীক লৈ বাহনখনৰ পৰা জাঁপ মাৰে। দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে আটাইকেইগৰাকী লোকৰ। দুৰ্ঘটনাৰ ফলক প্ৰায় এঘণ্টা ধৰি আবদ্ধ হৈ থাকে মালবাহী ৰে’লখন।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ৰে’লগেট নথকাৰ বাবে সঘনাই এনে ঘটনা সংঘটিত হৈ থাকে। ৰে’ল বিভাগ তথা জনপ্ৰতিনিধিক বাৰে বাৰে দাবী জনোৱাৰ পিছতো হেজাৰ হেজাৰ লোক অহা-যোৱা কৰা পথটোত এটি ৰে’লগেট দিয়া নাই ৰে’ল বিভাগে।

Category