নতুন দিল্লীত ফিজিৰ প্ৰধানমন্ত্ৰী ছিটিভেনি লিগামামাৰা ৰাবুকাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

Fiji PM Rabuka begins 3-day visit to India

দেওবাৰে ভাৰতত উপস্থিত হয় ফিজিৰ প্ৰধানমন্ত্ৰী ছিটিভেনি লিগামামাৰা ৰাবুকা। তিনিদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয় ফিজিৰ প্ৰধানমন্ত্ৰীগৰাকী।

দিল্লীত উপস্থিত হোৱাৰ পিছতে ফিজিৰ প্ৰধানমন্ত্ৰীগৰাকীক কেন্দ্ৰীয় মন্ত্ৰালয়ৰ মুৰব্বী সুকান্ত মজুমদাৰে আদৰণি জনায়। প্ৰধানমন্ত্ৰী ৰাবুকাৰ এয়া প্ৰথমটো ভাৰত ভ্ৰমণ।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাইও ফিজিৰ প্ৰধানমন্ত্ৰী ছিটিভেনি লিগামামাদা ৰাবুকাক সাক্ষাৎ কৰে আৰু এক বৈঠক অনুষ্ঠিত কৰে।বৈঠকৰ দেশখনৰ স্বাস্থ্য আৰু চিকিৎসা সেৱা মন্ত্ৰী ৰাটু আটনিঅ’ লালাবালাভু আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে৷

সোমবাৰে নতুন দিল্লীত ফিজিৰ প্ৰধানমন্ত্ৰী ছিটিভেনি লিগামামাৰা ৰাবুকাক সাক্ষাৎ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰত ভ্ৰমণত ফিজিৰ প্ৰধানমন্ত্ৰী ছিটিভেনি লিগামামাদা ৰাবুকাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন দিল্লীত এখন বৈঠক অনুষ্ঠিত কৰে। তেওঁৰ এই ভ্ৰমণে বিভিন্ন খণ্ডত ভাৰত-ফিজিৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

ফিজিৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয় তেওঁৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।

দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ অহা ৰাবুকাই সন্ধিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতেও সাক্ষাৎ কৰিব।

Category