
দেওবাৰে ধুবুৰীত উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰীকা। মন্ত্ৰীগৰাকীয়ে ধুবুৰীত উপস্থিত হৈয়ে ধুবুৰীৰ পৰা পোনে পোনে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি স্পীডবোটেৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খহনীয়াত আক্ৰান্ত কোক্ৰাডাঙা অঞ্চলটি পৰিদর্শন কৰে
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল কোক্ৰাডাঙাত ৪৮ খন জি অ মেগা টিউবৰ প্ৰয়োজন কিন্তু ইতিমধ্যে ৫০ খন জিঅ মেগা টিউব আনিছে কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে। জিঅ মেগা টিউবেৰে কাম কৰিলে অসমৰ পৰা গড়াখহনীয়া নাইকীয়া হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী পীষুয হাজৰিকাই।
উল্লেখ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল কোক্রাডাঙাত প্ৰায় ৪০০ মিটাৰ অংশত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াই বৃহত্তৰ অঞ্চললৈ ভাবুকিৰ সৃষ্টি কৰি আহিছিল। উক্ত স্থানত জলসম্পদ বিভাগৰ উদ্যোগত জৰুৰীকালীন প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছিল।
আজি মন্ত্ৰীগৰাকীয়ে উক্ত অঞ্চলত উপস্থিত সামগ্ৰিক দিশ পৰিদৰ্শন কৰাৰ লগতে আৰু স্থানীয় ৰাইজৰ সৈতেও তেওঁ বিনিময় কৰি পৰিস্থিতিৰ বুজ লয়
আজিৰ পৰিদৰ্শনকালত বিধায়ক আমিনুল ইছলাম, জিলা আয়ুক্ত, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ সভাপতিদ্বয় ৰঞ্জিত কুমাৰ ৰায় আৰু ৰঞ্জিত কুমাৰ সাহাও উপস্থিত থাকে।মন্ত্ৰী গৰাকী গঢ়াখহনীয়া অঞ্চল পৰিদৰ্শন কৰি কোকৰাডাঙাৰ ৰাস্তাৰ কাষত থকা সৰু চাহৰ দোকানত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জাভেদ ইছলাম আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা আয়ুক্তৰ লগত একেলগে বহি ৰঙা চাহ খাই, মই গাওঁৰ লৰা মই এনেদৰে চাহ খাওঁ ভাল পাইছোঁ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
- Log in to post comments