ক্ৰিকেটাৰ চেতেশ্বৰ পূজাৰাৰ অৱসৰ ঘোষণা

 Cheteshwar Pujara Retirement

ক্ৰিকেটাৰ চেতেশ্বৰ পূজাৰাৰ অৱসৰ ঘোষণা।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে পূজাৰাই।

দেওবাৰে সামাজিক মাধ্যমৰ জড়িয়তে এই কথা জনালে পূজাৰাই।

চেতেশ্বৰ পূজাৰাই সীমিত অ’ভাৰৰ ক্ৰিকেটতকৈ ৰেড বল ক্ৰিকেটত টীম ইণ্ডিয়াৰ মিডিল অৰ্ডাৰৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন আছিল

উল্লেখ্য যে ২০১০ চনত টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছিল পূজাৰাৰ।

পূজাৰাই। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন টেষ্ট মেচ খেলিছিল ২০২৩ জুনত।

টীম ইণ্ডিয়াৰ হৈ ১০৩খন টেষ্ট মেচত ৭১৯৫ ৰান সংগ্ৰহ কৰিছিল পূজাৰাই।

টীম ইণ্ডিয়াৰ হৈ ১৯টা শতক আৰু ৩৫টা অৰ্ধশতক অৰ্জন কৰিছিল।

ভাৰতৰ হৈ ৫খন এদিনীয়া মেচত ৫১ ৰান সংগ্ৰহ কৰিছিল।

Category