ধেমাজি জিলাত বৃদ্ধি HIV আক্ৰান্ত সংখ্যা

HIV positive case

বৰ্তমান সময়ত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম। ড্ৰাগছৰ ভয়াৱহতাই সমাজখনত এনেদৰে শিপাই গৈছে যাৰ বাবে ধ্বংস গৰাহলৈ ক্ৰমাৎ ঢাপলি মেলিছে এটা প্ৰজন্মই। যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তি ক্ৰমাগত বৃদ্ধি পোৱাৰ ফলত ধ্বংস হ’বলৈ ধৰিছে পৰিয়াল,যুৱ প্ৰজন্মৰ স্বাস্থ্য আৰু কেৰিয়াৰ।

কেৱল যুৱকেই নহয়, ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে একাংশ যুৱতীও। ড্ৰাগছৰ বাবে ধ্বংস হৈছে একো একোখন ঘৰ। ড্ৰাগছৰ বাবে ৰাজ্যত বৃদ্ধি হৈছে বিভিন্ন হিংসাত্মক ঘটনা। ড্ৰাগছ ক্ৰয় কৰাৰ বাবে চুৰি, ডকাইতিত লিপ্ত হ’বলৈ লৈছে একাংশ।

তেনে ঘটনা সংঘটিত হৈ থকাৰ সময়তে ৰাজ্য জোকাৰি গৈছে আন এক ঘটনাই। ৰাজ্যত ড্ৰাগছ আসক্ত যুৱক-যুৱতীৰ দেহত ধৰা পৰিছে এইছ আই ভি(HIV positive case)।

শেহতীয়াকৈ ধেমাজি জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIV আক্ৰান্ত সংখ্যা। ধেমাজি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা০ জে এম প্ৰসাদে সদৰি কৰা অনুসৰি ধেমাজি জিলাত ২৮৭ গৰাকীৰ দেহত ধৰা পৰিছে এইচআইভিৰ অৱস্থিতি।

চিকিৎসক গৰাকীয়ে সদৰি কৰা অনুসৰি ধেমাজি ICTC’ত ১৪৮ গৰাকী, গোগামুখ ICTCত ৩৪ গৰাকী এইচআইভি পজিটিভ বুলি চিনাক্ত কৰা হৈছে। আক্ৰান্তৰ ৭০ শতাংশই ২২ৰ পৰা ২৭ বছৰৰ যুৱক। ইয়াৰে 8 গৰাকী গৰ্ভৱতী মহিলা

সমান্তৰালকৈ চিলাপথাৰতো ১০৫ গৰাকী এইচআইভি আক্ৰান্তক চিনাক্ত কৰা হৈছে।।

মাৰাত্মা এইছ আই ভি ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ ৰাজ্যত এতিয়া উদ্বিগ্ন হৈ পৰিছে অভিভাৱক তথা স্বাস্থ্য বিভাগ ৷ যি খবৰে সংকিত কৰিছে ৰাজ্যৰ সচেতন মহলক।

Category