মুখ্যমন্ত্ৰীক দুৰ্বৃত্তৰ আক্ৰমণ; আক্ৰমণত মূৰত আঘাত পাই মুখ্যমন্ত্ৰীগৰাকীয়ে

CM Rekha Gupta Attacked

দিল্লীৰ মুখ্যমন্ত্ৰী ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ। বুধবাৰে পুৱা মুখ্যমন্ত্ৰী আৱাসতে দুৰ্বৃত্তই আক্ৰমণ কৰে ৰেখা গুপ্তাক।দুৰ্বৃত্তৰ আক্ৰমণত সামান্য পৰিমানে মূৰত আঘাত পাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

বুধবাৰে পুৱা মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ‘জন শুনানি’ অনুষ্ঠিত কৰি আছিল। মুখ্যমন্ত্ৰী আৱাসত জনতাৰ সৈতে সাক্ষ্য গ্ৰহণৰ সময়তে আক্ৰমণৰ ঘটনা সংঘটিত হয়। ইয়াৰ লগে লগে দেশজুৰি সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ।

সূত্ৰৰ পৰা জানিব পৰা মতে, চিভিল লাইনত থকা মুখ্যমন্ত্ৰী চৰকাৰী বাসগৃহত ‘জন শুনানি’ অনুষ্ঠিত কৰি আছিল। সেই সময়ত তেওঁৰ ওচৰলৈ আৱেদন লৈ আহে এগৰাকী লোকে। প্ৰথমে মুখ্যমন্ত্ৰী ৰেখাক কাগজ-পত্ৰ প্ৰদান কৰিছিল লোকজনে। ৰেখা গুপ্তাই কাগজ কেইখন হাতত লোৱাৰ লগে লগে অভিযুক্তই চৰ মাৰিবলৈ চেষ্টা কৰে। কেৱল চৰ সোধাই ক্ষান্ত নাথাকি আক্ৰমণকাৰীয়ে ৰেখা গুপ্তাক গালি-গালাজো কৰিবলৈ লয় আৰু মুখ্যমন্ত্ৰীৰ সৈতে কাজিয়া কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে স্তম্ভিত হৈ পৰে মুখ্যমন্ত্ৰী ৰেখা গুপ্তা।

এই ঘটনাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আক্ৰমণকাৰীক জিম্মাত লয় আৰক্ষীয়ে। বৰ্তমান আক্ৰমণকাৰীক চিভিল লাইনছ থানাত ৰখা হৈছে। আৰক্ষীয়ে জেৰা চলাইছে মুখ্যমন্ত্ৰীৰ আক্ৰমণকাৰীক।

আৰক্ষীৰ সূত্ৰ অনুসৰি আক্ৰমণকাৰীজন দিল্লীৰ বাসিন্দা। আক্ৰমণকাৰীয়ে পূৰ্বে কোনো অপৰাধজনিত ঘটনাত জড়িত থকাৰ তথ্য এতিয়ালৈকে আৰক্ষীয়ে লাভ কৰা নাই।

Category