
মানুহৰ চকুহালে বহু কথা কয়, গতিকে সেই মৰম লগা চকুহাল সুস্থ কৰি ৰখাটো আমাৰ সকলোৰে বাবে দৰকাৰী। চকু হৈছে মানৱ দেহৰ অতি সংবেদনশীল অংগ। দৈনন্দিন জীবনত দৃষ্টিশক্তি সঠিক ৰাখিবলৈ কিছুমান প্রয়োজনীয় খাদ্য খোৱা আৱশ্যক।
উল্লেখ্য যে, দৃষ্টিশক্তি ভালে ৰাখিবলৈ আমি আমাৰ দৈনন্দিন জীৱনত ভিটামিন এ, চি, ই আৰু লুটেইন সমৃদ্ধ খাদ্য খোৱা উচিত।
গতিকে, দৃষ্টিশক্তি বঢ়াবলৈ এইবোৰ ড্ৰাইফুড খাওক:
কাজু বাদাম: কাজু বাদামত প্ৰচুৰ পৰিমাণে জিংক আৰু লুটেইন থাকে। বয়স বৃদ্ধিৰ লগে লগে চকুত ছানি পৰে। কাজু বাদামে চকুৰ ছানি পৰাৰ পৰা সুৰক্ষা দিয়ে।
আখৰোট: আখৰোটত বিভিন্ন পুষ্টিকৰ উপাদান পোৱা যায়। এইবিধ খাদ্য সামগ্রীত ওমেগা-৩, ফেটি এচিড আৰু এন্টিঅক্সিডেন্ট পোৱা যায়। এই খাদ্য বয়সৰ সৈতে সম্পর্কিত। বিশেষকৈ চকুৰ ৰোগৰ পৰা সকাহ পোৱা যায়।
কিছুমিছ: চকুৰ কাৰণে অতি উপকাৰী খাদ্য সামগ্রী হ'ল কিছুমিছ। কিছুমিছত আয়ৰণ আৰু কোভোনয়েডৰ দৰে এন্টিঅক্সিডেন্ট থাকে। এইবিধ খাদ্যই চকুৰ ৰক্ত প্রবাহক উন্নত কৰে।
পেষ্টা: পেষ্টাত পোৱা যায় ভিটামিন 'ই'। আৰু এন্টিঅক্সিডেন্ট। এইটো চকুৰ কাৰণে ভীষণ উপকাৰী।
খেজুৰ: খেজুৰত পোৱা যায় ভিটামিন 'এ' আৰু লুটেইন। ইয়াত উপলব্ধ ফাইবাৰে তেজৰ শৰ্কৰাৰ মাত্রা নিয়ন্ত্ৰণ কৰে। ই মানুহৰ ডায়েবেটিছ সম্পৰ্কীয় চকুৰ সমস্যাৰ পৰা মুক্তি পোৱাত সহায় কৰে।
- Log in to post comments