
'ব'হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব'হাগ এটি মাহ
অসমীয়া জাতিৰ
ই আয়ুস ৰেখা !
গণ জীৱনৰ ই সাহ'
ব’হাগ মাহত অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ নিজ নিজ বৈশিষ্টতা আছে। আজি জানো আহক দেউৰী বিহুৰ কিছু কথা -
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জনগোষ্ঠীৰ আছে এক সুকীয়া পৰিচয়। জাতি বৰ্ণ নিৰ্বিশেষে সুকীয়া বৈশিষ্টপূৰ্ণ পৰম্পৰা,কৃষ্টি সংস্কৃতি, যি জনগোষ্ঠী সমূহক নিজস্বতা প্ৰদান কৰে । অসমৰ অন্যতম আদিতম জনগোষ্ঠী দেউৰীসকলৰ এক সাংস্কৃতিক মহোৎসৱ হৈছে দেউৰী বিহু। দেউৰী জন-জীৱনত বিহুৰ লগত সাংস্কৃতিক আৰু আধ্যাত্মিক চিন্তন গভীৰভাৱে জড়িত হৈ আছে ৷
ৰঙালী বিহুকে দেউৰী সকলে বহাগ বিচু বা ইবাঁকু বিচু বুলি কয়। ৰঙালী বিহুৰ উৎসৱ হ'লেও তেওঁলোকৰ বাবে ই কেৱল ৰং ৰহইচৰ উৎসৱ নহয়, ই অতি প্ৰাচীন কালৰে পৱা চলি অহা সাংস্কৃতিক মহোৎসৱ। দেউৰী জন-জীৱনৰ এই বসন্ত উৎসৱটি সৰ্বশ্ৰেষ্ঠ পূজা-উৎসৱ ।
বিহুৰ পূজা-উৎসৱত সাংস্কৃতিক আৰু আধ্যাত্মিক চিন্তন গভীৰভাৱে নিহত হৈ আছে। দেউৰীসকলে বিচু উৎসৱ উদযাপন উপলক্ষে দুটা পূজা পাতিব লাগে । ইয়াৰে এটা পৰিয়াল ভিত্তিক আৰু আনটো সামূহিক। প্ৰথমটো সুৱচনী পূজা বা ঘৰদেও পূজা আৰু দ্বিতীয়টো দেওশাল বা "দেগৰ" বা দেৱালয়ৰ পূজা।
উল্লেখ্য যে, ব’হাগৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰে প্ৰতিটো খেল বা ফৈদৰ দেৱালয়ত সমূহীয়াকৈ বিহু পালন কৰা হয়। দেউৰী বিহুৰ এক বিশেষ তাৎপৰ্য্য হৈছে বিহু আৰম্ভ কৰাৰ দিন-বাৰ চোৱা। বিহু উদযাপিত মাহৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰত বিহুৰ দিন নপৰি অন্য দিনত পৰিলে দেউৰী সকলে প্ৰথমটো বুধবাৰলৈ অপেক্ষা কৰে। দেউৰী সকলে বুধবাৰটো পবিত্ৰ বাৰ হিচাপে গণ্য কৰে।
- Log in to post comments