ব্যাম নকৰাকৈ খাদ্যাভাস সলনি কৰি হ্ৰাস কৰক ওজন...

food diet for weight loss

হৃদৰোগ, উচ্চ ৰক্তচাপ আদিৰ বাবে চিকিৎসকে প্রায়েই দেহৰ অতিৰিক্ত ওজনক দোষাৰোপ কৰে। কর্মব্যস্ত জীৱনশৈলীৰ বাবে যেতিয়া খাদ্য গ্ৰহণৰ কোনো নির্দিষ্ট সময় নাথাকে বা সময় পালেই বাহিৰৰ খাদ্য গ্রহণ কৰা, নিতৌ সুৰাপানৰ অভ্যাস আদিৰ বাবে দেহৰ ওজন নিয়ন্ত্রণ কৰি ৰখাটো সম্ভৱপৰ হৈ নুঠে। এনে অৱস্থাত শৰীৰচৰ্চা কৰাৰ লগতে অনিয়ন্ত্রিত খাদ্যাভ্যাস এৰিবলগীয়া হয়। কিন্তু ইয়াৰ পাছতো যদি অতিৰিক্ত ওজন নকমে তেন্তে পাকঘৰৰ নিয়ম সলনি কৰক। উল্লেখ কৰা হ'ল তেনে কেইটামান নিয়ম-

ফ্রীজত প্রক্রিয়াজাত খাদ্য ভৰাই নাৰাখিব। তৰমুজ, তিয়হ, ষ্ট্ৰবেৰী জাতীয় ফলৰ উপৰি পাচলি সৰু সৰুকৈ কাটি টেমাত ভৰাই ৰাখক। ভোক লাগিলেই ফল খাওক। বন্ধৰ দিনত পাচলি বেছিকৈ কাটি ফ্রীজত ৰাখক। ৰন্ধন কার্যত সেউজীয়া পাচলি বেছিকৈ ব্যৱহাৰ কৰক।

পাকঘৰত সাধাৰণ বাটিৰ সলনি এনেধৰণৰ কাপ বা চামুচ ৰখা কৰক যাৰ জৰিয়তে জোখ অনুসৰিহে বস্তু ল'ব পৰা যায়। ইয়াৰ জৰিয়তে খাদ্যৰ পৰিমাণ নিয়ন্ত্ৰণত থাকিব। পুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি খাদ্য গ্রহণ কৰক। তেল আৰু ভাতৰ পৰিমাণৰ ওপৰত দৃষ্টি ৰাখক।

ওজন কমাবলৈ হ'লে ডায়েটত বেছিকৈ পাচলি ৰাখিব লাগিব। প্রতিবাৰৰ খোৱাৰ সময়ত বাটি ভৰাই চালাড খোৱা কৰক। চালাডে পেট ভর্তি কৰি ৰখাৰ লগতে অতি বেছি কার্বহাইড্রেট যেনে ভাত-কটি খোৱাৰ প্ৰতি আগ্ৰহ কমাই আনে। বাৰে বাৰে চালাড প্রস্তুত কৰাটো যিহেতু সম্ভৱ নহয়, সেয়ে চালাড বেছিকৈ বনাই ফ্রীজত ৰাখক। যেতিয়াই কিবা খাদ্য খায় তাৰ পূৰ্বে অলপ পৰিমাণৰ চালাড খোৱা কৰক। অৱশ্যে চালাড প্রস্তুতৰ সময়ত মেয়'নিজ, চালাড ড্রেছিং বা চচ্ ব্যৱহাৰ নকৰিব। ইয়াৰ সলনি সামান্য পৰিমাণৰ নেমু, জালুকৰ গুড়ি ব্যৱহাৰ কৰক।

ফ্রীজত ছড়া, কুকিজ, আইছক্ৰিমৰ দৰে বেছি কেল'ৰিযুক্ত খাদ্য নাৰাখিব।

খাদ্যবস্তু লোৱাৰ সময়ত কাঁহিভৰ্তি কৰি লোৱাটো প্ৰায়ভাগৰে অভ্যাস। পাকঘৰৰ পৰা ডাঙৰ কাঁহি বা ডিছ আঁতৰাই তাৰ সলনি সৰু সৰু প্লেট ৰখা কৰক। এনে কৰিলে খাদ্যৰ পৰিমাণ কমি আহিব। ফলত ওজন কমোৱাটো সহজ হৈ পৰিব।

Category