মহাকাশলৈ অসমৰ এটা খোজ!

satellite

মহাকাশলৈ অসমৰ এটা খোজ
অসমৰ হ’ব এটা নিজা ছেটেলাইট
অসমৰ নিজা ছেটেলাইৰ নাম ASSAMSAT
ইনস্পেছ আৰু ইছ’ৰৰ সহযোগত এই প্ৰচেষ্টা

অসমৰ হ’ব এটা নিজা ছেটেলাইট। বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰি  এই কথা উল্লেখ বিত্তমন্ত্ৰী অজন্তা নেওগেৰ। অসমৰ এই নিজা ছেটেলাইটৰ নাম হ’ব ASSAMSAT।

টিল আৰ্থ-সামাজিক প্ৰকল্পসমূহৰ কাৰ্য ৰূপায়ণৰ স্বাৰ্থত বিশ্বাসযোগ্য আৰু অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে চৰকাৰে স্থাপন কৰিব নিজা কৃত্ৰিম উপগ্ৰহ আছামছাট । এই ব্যৱস্থাই অসমৰ কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি বিকাশ, সীমান্ত সুৰক্ষা ব্যৱস্থাপনা আৰু আৰক্ষীৰ অভিযান আদিৰ ক্ষেত্ৰত উৎসৰ্গীত সেৱা যোগানত সহায় কৰিব। 

কেন্দ্ৰীয় চৰকাৰৰ মহাকাশ বিভাগৰ অধীনস্থ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কৰ্তৃত্ব প্ৰদান কেন্দ্ৰ (IN-SPACE) ৰ সহযোগত এই উপগ্ৰহ স্থাপন কৰি  মহাকাশলৈ খোজ দিয়াৰ প্ৰথম প্ৰচেষ্টা।

অসমৰ  ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষামূলক কৃত্ৰিম উপগ্ৰহ নিৰ্মাণ কাৰ্যত জড়িত কৰি কল্পনা শক্তিক উজ্জীৱিত কৰাৰ বাবেও ইনস্পেছ আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ সহযোগত কাম কৰিব অসম চৰকাৰে।

Category