ঘোষণা হ'ল অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটাপ্ৰাপকৰ নাম! ৰাণাপ্ৰতাপ কলিতালৈ অসম বৈভৱ বঁটা....

assam bhoibhav

ৰাজ্য চৰকাৰৰ অসামৰিক বঁটাপ্ৰাপকৰ নাম ঘোষণা। ঘোষণা হ'ল অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটাপ্ৰাপকৰ নাম। সংবাদ মেলযোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, অৱসৰপ্ৰাপ্ত লেঃ জেনেৰেল ৰাণাপ্ৰতাপ কলিতালৈ অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছে। TCSৰ প্ৰাক্তন অধ্যক্ষ ডঃ এছ ৰামাডুৰাইলৈ অসম সৌৰভ সন্মান। লগতে, ডঃ বাপী পাল, ডঃ পূৰবী শইকীয়ালৈ অসম সৌৰভ বঁটা। ডঃ পাল, ডঃ শইকীয়া ভাটনাগৰ বঁটা বিজয়ী যুৱ বিজ্ঞানীলৈ।

সংগীত শিল্পী দ্বীপেন বৰুৱালৈ অসম সৌৰভ বঁটা, প্ৰখ্যাত নাট্যকাৰ হেমন্ত দত্তলৈ অসম সৌৰভ বঁটা, ক্ৰিকেটাৰ ঊমা ছেত্ৰীলৈ অসম সৌৰভ বঁটা।

ফুলেশ্বৰী দত্তলৈ অসম গৌৰৱ বঁটা, শগুণ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি। অসম গৌৰৱ বঁটা বাইক ৰাইডাৰ মিনাক্ষী দাসলৈ। মটৰচাইকেলেৰে ভ্ৰমণ কৰিছিল ৬৪খন দেশ।

আনহাতে, ধুবুৰীৰ তেৰাকটা শিল্পী ধীৰেন্দ্ৰ নাথ পাললৈ অসম গৌৰৱ বঁটা। অসম গৌৰৱ বঁটা সৰ্থেবাৰীৰ কাঁহ উদ্যোগী হৰিদাস দাসলৈ। কাৰ্বি আংলঙৰ বিনং টেৰণলৈ অসম গৌৰৱ বঁটা। শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি টেৰণলৈ।

শ্ৰীভূমিৰ নজৰুল হকলৈ অসম গৌৰৱ বঁটা, একুৱাকালচাৰৰ ক্ষেত্ৰত নজৰুল হকৰ বিশেষ অৱদান। যোৰহাটৰ বিশ্বজিৎ বৰালৈ অসম গৌৰৱ বঁটা, কৃষিৰ ক্ষেত্ৰত বিশ্বজিৎ বৰাৰ অনন্য অৱদান। বজালীৰ ভাৰত কলিতালৈ অসম গৌৰৱ বঁটা, দুগ্ধ উৎপাদনত ভাৰত কলিতাৰ বিশেষ সাফল্য। বৰলাংফা নাৰ্জাৰীলৈ অসম গৌৰৱ বঁটা, বড়ো ভাষা সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি।

ৰাম চাচনীলৈ অসম গৌৰৱ বঁটা, অসম গৌৰৱ বঁটা উপমন্যু বৰকাকতি, ডেভিদ প্ৰতীম গগৈলৈ।

উল্লেখ্য যে, প্ৰথমবাৰলৈ তিনি অনুষ্ঠানলৈ অসম গৌৰৱ বঁটা ৰাজ্য চৰকাৰৰ, সুৰেন এহেমলৈ অসম গৌৰৱ বঁটা, অসম গৌৰৱ বঁটা বাৰেকুৰি ইকো ডেভলপমেণ্ট ছ’চাইটিলৈ, হলৌ বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ স্বীকৃতি, বহুচৰ্চিত হস্তীবন্ধু NGOলৈ অসম গৌৰৱ বঁটা, হাতী-মানুহৰ সংঘাত নিৰাময়ৰ চেষ্টাৰ প্ৰতি স্বীকৃতি।
 

Category