৩৩ বছৰীয়া দীপামনিৰ সংগ্ৰামে অনুপ্ৰেৰণা দিব আপোনাকো...

GIRL

    শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি স্ব-উপাৰ্জনৰ জীৱনৰ বাট মোকলোৱা এগৰাকী ৩৩ বছৰীয়া যুৱতী নাম দীপামণি বৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোতে চৰ্চালৈ আহিছে লংকা কাকীৰ তেলিয়াটিৰ এইগৰাকী বিশেষভাৱে সক্ষম যুৱতী

GIRL

   দীপামণিৰ কঠোৰ সংগ্ৰামে অনুপ্ৰেৰণা দিছে বহুজনক জন্মৰ পৰাই বিশেষভাৱে সক্ষম দীপামণিয়ে এখন হাতেৰেই চলাই গৈছে জীৱনৰ কঠোৰ সংগ্ৰাম চৰকাৰৰ পৰা পোৱা অৰুণোদয় আঁচনিৰ ১২৫০ টকা মূলধন হিচাপে লৈ হাঁহ, ছাগলী, মুৰ্গী, গো পালনেৰে বৃদ্ধ মাতৃৰ লগতে নিজেও স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিছে এইগৰাকী যুৱতীয়ে কাৰো ওচৰত হাত নপতাকৈ দুজনীয়া পৰিয়ালটোক আগুৱাই নিছে দীপামণিয়ে

SELF

      দৰিদ্ৰজনলৈ চৰকাৰে আগবঢ়োৱা এটি চৰকাৰী আৱাসগৃহ নাপালেও আক্ষেপ নাই লংকাৰ দীপামণিৰ অৰণোদয় ধনৰ সদ্ ব্যৱহাৰ কৰি কঠোৰ সংগ্ৰামেৰে আগবাঢ়ি যোৱা আৰু বহুতৰ বাবে অনুপ্ৰেৰণা। আজি আৰ্ন্তজাতিক নাৰী দিৱসৰ দিনটোত UB PHOTOSৰ   তৰফৰ পৰাও আমি দীপামণিক জনালো শুভকামনা

Category