Menstrual Leave: এতিয়াৰে পৰা মহিলাসকলে মাহেকীয়া/ ঋতুস্ৰাৱৰ সময়ত ২ দিনৰ ছুটী লাভ কৰিব...

Menstrual Leave

মহিলাসকলৰ বাবে মাহেকীয়া/ ঋতুস্ৰাৱৰ সময়খিনি কিমান বেদনাদায়ক বা কষ্টকৰ সেই কথা সকলোৱে অৱগত। প্ৰায়ভাগ মহিলাই মাহেকীয়াৰ সময়ত বিষ আৰু ক্ৰেম্পৰ বাবে বহু অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয়।  পিৰিয়ডৰ সময়ত বিষ হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া যদিও কেতিয়াবা পেটৰ বিষ আৰু অস্বস্তিৰ বাবে মহিলাসকলৰ বাবে উঠিবলৈ বা বহিবলৈ কঠিন হৈ পৰে। অফিচত কাম কৰা মহিলাসকলে পিৰিয়ডৰ বিষৰ সময়তো নিজৰ কাম কৰে। 

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ পূৰ্বে ভাৰতৰ বহুজাতিক কোম্পানী লাৰ্চেন এণ্ড টৌব্ৰ’ই মহিলা কৰ্মচাৰীক পিৰিয়ড ছুটী দিয়াৰ কথা ঘোষণা কৰিছে।

এল এণ্ড টিয়ে সময়ে সময়ে মহিলা কৰ্মচাৰী সকলক পিৰিয়ড ছুটী দিব: এমাহৰ ভিতৰত এদিনৰ বাবে মহিলা কৰ্মচাৰীক পিৰিয়ড ছুটী দিয়াৰ কথা ঘোষণা কৰিছে এল এণ্ড টিয়ে। এতিয়া মহিলা কৰ্মচাৰীয়ে পিৰিয়ড ছুটী ল’ব পাৰিব।

কোম্পানীটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এছ এন সুব্ৰহমান্যই মহিলা দিৱসৰ পূৰ্বে এক কাৰ্যসূচীত এই সময়সীমা ছুটীৰ কথা ঘোষণা কৰে। এই নীতি কেনেদৰে কাৰ্যকৰী কৰিব পাৰি সেই সন্দৰ্ভত কোম্পানীটোৱে কাম কৰি আছে।

আনহাতে, এই ৰাজ্যসমূহত পিৰিয়ড ছুটী উপলব্ধ: 

বিহাৰত ১৯৯২ চনত পিৰিয়ড লিভৰ সন্দৰ্ভত নীতি নিৰ্ধাৰণ কৰিছিল। এই নীতিৰ অধীনত মহিলা কৰ্মচাৰীয়ে পিৰিয়ড ছুটী লাভ কৰে। এই নীতিৰ অধীনত মহিলাসকলে ২ দিনৰ পিৰিয়ড ছুটী লাভ কৰে।

কেৰালাত ২০২৩ চনত পিৰিয়ড লিভৰ এটা পলিচি আৰম্ভ কৰা হৈছিল, এই নীতি অনুসৰি সকলো বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানতে কন্যা ছাত্ৰ-ছাত্ৰীক পিৰিয়ড ছুটী দিয়া হয়।

ছিকিমত ২০২৪ চনত আৰম্ভ হৈছিল পিৰিয়ড লিভৰ নীতি। এই নীতি অনুসৰি মহিলা চৰকাৰী কৰ্মচাৰীক পিৰিয়ড ছুটী দিয়া হয়।

আৰু ওড়িশাত ২০২৪ চনৰ আগষ্ট মাহত চৰকাৰী আৰু ব্যক্তিগত খণ্ড উভয়তে কৰ্মৰত মহিলাসকলক এদিনৰ ছুটী দিয়াৰ ব্যৱস্থা আছে 

Category