
সোমবাৰে সন্ধিয়া ৬ বজাত ইতিহাস ৰচিব ঝুমুৰ নৃত্যই। ইতিমধ্যেই সাজু হৈছে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম। ২০০ বছৰীয়া চাহ জনগোষ্ঠীৰ সংস্কৃতিক বিশ্বৰ দৰবাৰত সুপৰিচিত কৰিবলৈ সাজু হৈছে ‘ঝুমইৰ বিনন্দিনী’। একেলগে একেটা স্থানত প্ৰায় ৯ সহস্ৰাধিক নাচনীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্যৰ আৰু এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
উল্লেখযোগ্য যে, থিক সন্ধিয়া ৬ বজাৰ লগে লগে মাদলৰ চেৱত ৰজনজনাই উঠিব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম। ১৬ মিনিট ৩২ ছেকেণ্ডৰ হ'ব এই অনুষ্ঠান। ৰাজ্যৰ ৮০০ খন চাহ বাগিচাৰ শিল্পীয়ে প্ৰতিনিধিত্ব কৰিব ‘ঝুমইৰ বিনন্দিনী’ত। এই বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰীসকলে ধৰি উপস্থিত থাকিব ৬০ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত।
অসম চৰকাৰৰ উদ্যোগত আয়োজন কৰা ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক এই ঝুমুৰ নৃত্যই বিশ্ববাসীৰ বাবে সুপৰিচিত হ'ব লৈ গৈ আছে।
ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশ লোৱা প্ৰতিগৰাকী শিল্পীলৈ আগবঢ়োৱা হ’ব ২৫ হাজাৰকৈ টকা। এই ঐতিহাসিক দিনটোৰ বাবে বিগত কিছুদিন ধৰি চলিছিল অনুশীলন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ঝুমুৰ শিল্পীসকলে বাহৰ পাতিছিল গুৱাহাটী মহানগৰীত। এই অনুষ্ঠানক লৈ অত্যন্ত উৎসাহী দেখা গৈছে ঝুমুৰ শিল্পীসকলক।
- Log in to post comments