
সনাতন ধৰ্মত মহাদেৱক আৰাধ্য দেৱতা বুলি গণ্য কৰা হয়। সৃষ্টি, অস্তিত্ব আৰু ধ্বংস তিনিটাৰে মূল কাৰণ হৈছে শিৱ। উচ্চতম পৰ্যায়ত শিৱক অপৰিৱৰ্তিত পৰম ব্ৰহ্ম বুলি গণ্য কৰা হয়। এইবাৰ মহাশিৱৰাত্ৰি ২৬ ফেব্ৰুৱাৰীত পালন কৰা হ’ব। মহা শিৱৰাত্ৰিৰ দিনা ভগৱান শিৱৰ আৰাধনাৰ বাবে অতিকৈ উত্তম দিন বুলি বিবেচনা কৰা হয়। এই দিনটোত যদি ভক্তিসকলে তেওঁৰ পূজা কৰে তেন্তে সকলো ইচ্ছা, মনোকামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।
কোৱা হয়, এই বিশেষ দিনটোত মহাদেৱ শিৱ আৰু মা পাৰ্বতীৰ শুভ বিবাহ সম্পন্ন হৈছিল। সেয়েহে, মহাশিৱৰাত্ৰিৰ দিনা মহাদেৱৰ আৰাধনা কৰিলে প্ৰেমৰ সম্পৰ্কত থকা সকলো সমস্যা সমাধান হয়।
লোক বিশ্বাস অনুসৰি, শিৱৰাত্রিৰ দিনা যিহেতু ৰাতিৰ ভাগত পূজা কৰা হয়, সেয়েহে যদি পাৰে সেইদিনা দিনৰ ভাগৰ লগতে বিশেষকৈ ৰাতিৰ ভাগত শিৱ মন্দিৰ দৰ্শন কৰিব পাৰিলে ভাল। লগতে চাৰি প্ৰহৰৰ পূজাত উপস্থিত থাকিব পাৰিলে ভাল।
যদি আপুনি প্ৰেমৰ সম্পর্কত কিবা সমস্যাত ভুগি আছে তেন্তে শিৱৰাত্ৰিৰ দিনা কৰক এইটো কাম -
শিৱৰাত্ৰিৰ ২-৩ দিন আগতে এটুকুৰা কাগজত পতি-পত্নী বা প্ৰেমিক- প্ৰেমিকাৰ নাম লিখি এটা মৌৰ বটলত ভৰাই থৈ দিয়ে আৰু শিৱপূজাৰ দিনা সেই মৌ খিনিৰে যদি অভিষেক কৰিব পাৰে, তেন্তে সম্পৰ্কত বহুখিনি ভাল ফল লাভ কৰিব। লগতে যি কোনো দুবিধ ফল শিৱ লিংগত অৰ্পণ কৰিব পাৰে।
- Log in to post comments