দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, কোন এই ৰেখা গুপ্তা?

rekha gupta

আজি দিল্লী চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান। ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰামলীলা ময়দানত অনুষ্ঠিত এক অনুষ্ঠানত ৰেখা গুপ্তাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। উপ-মুখ্যমন্ত্ৰীৰূপে শপত ল’ব পাৰভেছ বাৰ্মাই, বিধানসভাৰ অধ্যক্ষৰূপে শপত ল’ব বিজেন্দ্ৰ গুপ্তাই, মন্ত্ৰীৰূপে শপত ল’ব কপিল মিশ্ৰ, আশিষ সুদ, পংকজ কুমাৰ সিংহ, ৰবীন্দ্ৰৰ সিং নেগী, মজিন্দৰ সিং সিৰসা, ৰবীন্দ্ৰ ইন্দ্ৰৰাজ, সতীশ উপাধ্যায়ে।

উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই আজি দুপৰীয়া ১২.৩০ বজাত ৰেখা গুপ্তাক শপত বাক্য পাঠ কৰোৱায় ।তেওঁ দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী। ইয়াৰ পূৰ্বে সুষমা স্বৰাজ, শীলা দীক্ষিত আৰু আতিশী দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। দিল্লীৰ মুখ্যমন্ত্ৰীৰ হিচাপে অতিশীৰ স্থলাভিষিক্ত হ’ব ৰেখা গুপ্তা ৷

কোন এই ৰেখা গুপ্তা?

দিল্লীৰ নৱমগৰাকী মুখ্যমন্ত্ৰী ৰেখা গুপ্তা
দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী ৰেখা গুপ্তা
হাৰিয়ানাৰ জিন্দৰ বাসিন্দা ৰেখা গুপ্তা জিন্দাল 
ছালিমাৰ বাগ সমষ্টিৰ পৰা জয়ী হৈছিল ৰেখা গুপ্তা
কলেজীয়া জীৱনৰ পৰাই ৰাজনীতিত জড়িত ৰেখা
১৯৯৬ চনত দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি
দক্ষিণ দিল্লীৰ পৌৰ নিগমৰ পাৰিষদৰ লগতে মেয়ৰ
RSS আৰু বিজেপিৰে জড়িত হৈছিল ৰেখা
বৰ্তমান ৰেখা দিল্লী বিজেপিৰ সাধাৰণ সম্পাদক 
বিজেপিৰ মহিলা মৰ্চাৰো ৰাষ্ট্ৰীয় উপ-সভাপতি তেওঁ
৩০ বছৰৰো অধিক সময় RSSৰে জড়িত ৰেখা গুপ্তা

Category