বিজেপি শাসিত উত্তৰাখণ্ড কাৰ্যকৰী হ'ল UCC, কি এই UCC?

UCC

উমৈহতীয়া দেৱানী বিধি বলৱৎ কৰা দ্বিতীয়খন ৰাজ্যত পৰিণত হ’ল বিজেপি শাসিত উত্তৰাখণ্ড। এতিয়াৰে পৰা উত্তৰাখণ্ডত একেখন আইনৰ অধীনত বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তি, উত্তৰাধিকাৰী আৰু সন্তান তুলি ল’ব পাৰিব। 

এই ঐতিহাসিক পদক্ষে পউত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুৰস্কৰ সিং ধামীয়ে প’ৰ্টেল মুকলি কৰি গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে গোৱাত আছিল উমৈহতীয়া বিধি। উত্তৰাখণ্ডৰ বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক গৃহীত হোৱাৰ এবছৰ পিছত এই ব্যৱস্থা ৰাজ্যখনত বলৱৎ কৰা হয়।

২০২২ৰ নিৰ্বাচনত বিজেপিয়ে উমৈহতীয়া দেৱানী বিধি বলৱৎ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। এই আইনে লিভ ইন ৰিলেচনশ্বিপকো মান্যতা প্ৰদান কৰে। অৱশ্যে এইমান্যতা চৰ্ত সাপেক্ষ হ’ব। সংশ্লিষ্ট যুৱক যুৱতীয়ে লিভ ইন ৰিলেচনশ্বিপ থকা বুলি পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন বাধ্যতামূলক কৰি দিছে এই আইনে।

ইয়াৰ উপৰি লিভ ইন ৰিলেচনশ্বিপৰ বাবে সংশ্লিষ্ট যুৱক যুৱতী গৰাকীৰ পিতৃ মাতৃৰ সন্মতিও থাকিব লাগিব। লিভ ইন ৰিলেচনশ্বিপৰ ক্ষেত্ৰত ভুৱা তথ্য দিয়া সকলক তিনি মাহৰ জে’ল আৰু ২৫ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব। তেওঁলোকৰ বয়স ২১ বছৰৰ কম হ’ব নোৱাৰিব।

উত্তৰাখণ্ডৰ যিকোনো বাসিন্দাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব। অৱশ্যে বাহিৰা ৰাজ্যৰ বাসিন্দাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব। একেদৰে যিকোনো বিবাহ পঞ্জীয়নভুক্ত হোৱাটো বাধ্যতামূলক। পুৰুষৰ ক্ষেত্ৰত সৰ্বনিম্ন বয়স ২১ বছৰ আৰু মহিলাৰ ১৮ বছৰ ধাৰ্য কৰা হৈছে।

বিবাহৰ পূৰ্বে যাতে যুৱক যুৱতীৰ শিক্ষা সম্পূৰ্ণ হয় সেইটো নিশ্চিত কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। বহুবিবাহ, বাল্যবিবাহ, তিনি তালাকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে উমৈহতীয়া দেৱানী বিধিয়ে। বিবাহৰ নিয়ম সকলো ধৰ্মৰ ক্ষেত্ৰতে একেই হ’ব।

অৱশ্যে অনুসূচিত জন-জাতিৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়। তাৎপৰ্য পূৰ্ণভাৱে লিভ ইন ৰিলেচনশ্বিপৰ ফলত জন্ম হোৱা সন্তানক উত্তৰাধিকাৰীসূত্ৰে সকলো অধিকাৰ দিয়াতো নিশ্চিত কৰা হৈছে।

Category